আজি কেন্দ্ৰীয় চৰকাৰে কৃষকক দিব পাৰে ভাল খবৰ…

আজি কেন্দ্ৰীয় চৰকাৰে কৃষকক দিব পাৰে ভাল খবৰ…

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত হ'ব কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকৰ পৰাই কৃষকসকলৰ বাবে ভাল খবৰ দিব পাৰে মোডী চৰকাৰে। সুত্ৰৰ খবৰুনসৰি এই বৈঠকত কেবিনেটে Pesticide Management Bill 2020ক মঞ্জুৰী দিব পাৰে। এই বিলখনৰ জৰিয়তে কীটনাশক সাৰৰ ক্ষেত্ৰত খেতিয়কসকলে যথেষ্ট সকাহ লাভ কৰিব। কীটনাশক প্ৰস্তুতকাৰী বা বিক্ৰী কৰা প্ৰতিষ্ঠানে এই বিলখন গৃহীত হলে প্ৰয়োজনতকৈ অধিক দামত কৃষকক কীটনাশক সাৰ বিক্ৰী কৰিব নোৱাৰিব। যদিও কোনো দুষ্টচক্ৰই এনে কাম কৰে, তেন্তে ৫ বছৰ পৰ্যন্ত জেল হব পাৰে। মুঠৰ ওপৰত এই বিল গৃহীত গ'লে কীটনাশক দ্ৰৱ্যৰ মূল্য পূৰ্বতকৈ বহুগুণে হ্ৰাস পাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in