জনপ্ৰিয়তাৰ সমান্তৰালকৈ আছে তেওঁৰ বিতৰ্কঃ চাওঁ আহক নৰেন্দ্ৰ মোডীৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য…

জনপ্ৰিয়তাৰ সমান্তৰালকৈ আছে তেওঁৰ বিতৰ্কঃ চাওঁ আহক নৰেন্দ্ৰ মোডীৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য…

ডিজিটেল ডেস্কঃ দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আজি (১৭ ছেপ্টেম্বৰ) ৭১ সংখ্যক জন্মদিন।আজিৰ সময়ত এগৰাকী প্ৰধানমন্ত্ৰী হিচাপে তেওঁ কিমান সফল বাব বিফল সেই কথা ৰাইজে বিচাৰ কৰিব। কিন্তু ৰাজনৈতিক ক্ষেত্ৰতখনত শূন্যৰ পৰা আৰম্ভ কৰা মোডীৰ যাত্ৰা বৰ সহজ নাছিল। কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল তেওঁ।

কঠিন সংগ্ৰামৰ মাজেৰে মোডীয়ে শূন্যৰ পৰা শীৰ্ষলৈ যাত্ৰা কৰিছে। প্ৰধানমন্ত্ৰী মোডীৰ কঠোৰ পৰিশ্ৰম, সংগ্ৰাম আৰু জনপ্ৰিয়তাৰ ফলস্বৰূপে আজি ৰাজনৈতিক জগতত 'মোডী যুগ' আছে বুলি কোৱা হয়। প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে নৰেন্দ্ৰ মোডীয়ে প্ৰচাৰ কৰিছিল তেওঁ কৈশোৰ অৱস্থাৰ দৰিদ্ৰতাৰ কথা। তেওঁ উল্লেখ কৰিছিল ৰেল ষ্টেচনত চাহ বিক্ৰী কৰাৰ কথা। নিজেই এসময়ত চাহ বিক্ৰী কৰা বুলি প্ৰচাৰ চলোৱা মোডী যে এদিন দেশৰ প্ৰধানমন্ত্ৰী হ'ব সেই কথা কোনেও হয়তো কল্পনা কৰাই নাছিল।

মোডীয়ে দীঘলীয়া ৰাজনৈতিক যাত্ৰাৰ সময়ত বহুতো উত্থান-পতনৰ সন্মুখীন হৈছে। এইগৰাকী নেতাৰ জন্মদিন উপলক্ষে চাও আহকচোন তেওঁৰ ৰাজনৈতিক জীৱনৰ কেতবোৰ গুৰুত্বপূৰ্ণ কথা…

  • প্ৰধানমন্ত্ৰী মোডীৰ জন্ম ১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰত গুজৰাটৰ মেহছানা জিলাৰ ভাদনগৰত হৈছিল। দেউতাকৰ নাম দামোদৰদাস আৰু মাতৃৰ নাম হীৰাবেন। সৰুতে, তেওঁ ভাদনগৰ ষ্টেচনত দেউতাক আৰু ভায়েকৰ সৈতে ৰেল ষ্টেচনত চাহ বিক্ৰী কৰিছিল বুলি প্ৰচাৰ কৰিছিল। অৱশ্যে তেওঁ শৈশৱতে ভদনাগৰ ৰেল ষ্টেচনত চাহ বিক্ৰী কৰাৰ কথা প্ৰচাৰ কৰিলেও এই বিষয়ত বিতৰ্ক অব্যাহত আছে।
  • সৰুৰে পৰাই মোডী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতি আকৰ্ষিত হৈছিল। ১৯৬৭ চনত ১৭ বছৰ বয়সত তেওঁ ঘৰ এৰি আহমেদাবাদলৈ যায় আৰু আৰ এছ এছত যোগদান কৰে। তাৰ পিছত তেওঁ ১৯৭৪ চনত নৱ-নিৰ্মাণ আন্দোলনত যোগদান কৰে। তেওঁ পঢ়া শুনা অব্যাহত ৰাখি ৰাজনীতি বিজ্ঞানত এম এ কৰে। অৱশ্যে মোডীৰ শিক্ষাগত অৰ্হতাক লৈয়ো বিতৰ্কৰ কোনো সীমা নাই।
  • সংঘৰ সৈতে জড়িত হৈ পৰাৰ পিচতে মোডীক বিজেপিৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিল। তাৰ পিছত তেওঁ ৮০ ৰ দশকত গুজৰাটৰ বিজেপি গোটত যোগদান কৰিছিল। অৱশ্যে, বিজেপিত যোগদান কৰা আৰু সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে মোডীয়ে বহু বছৰ ধৰি আৰ এছ এছৰ প্ৰচাৰক হিচাপে দায়িত্ব পালন কৰিছিল। ১৯৮৮-৮৯ চনত, তেওঁক বিজেপিৰ গুজৰাট গোটৰ সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হৈছিল।
  • নৰেন্দ্ৰ মোডীয়ে এল.কে. আদৱানীৰ সোমনাথ-অযোধ্যা ৰথ যাত্ৰা আয়োজনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।তাৰ পিছত তেওঁক ১৯৯৫ চনত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব দিয়া হৈছিল।১৯৯৮ চনত, তেওঁক মহাসচিবৰ (সংগঠন) দায়িত্ব দিয়া হৈছিল আৰু অক্টোবৰ ২০০১ লৈকে এই পদত অধিষ্ঠিত আছিল।
  • ২০০১ চনত কেশুভাই পেটেলক গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে অপসাৰণ কৰা হৈছিল। তাৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব নৰেন্দ্ৰ মোডীক প্ৰদান কৰা হয়।তেতিয়াৰে পৰা তেওঁ ২০১৪ চনলৈকে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ পালন কৰিছিল।
  • মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ কেইমাহমান পিছত, ২০০২ চনত গুজৰাটৰ সাবৰমতী এক্সপ্ৰেছৰ এটা কম্পাৰ্টমেণ্টত জুই লাগি ৫৯ জন কৰসেৱক নিহত হোৱাৰ পিছত দাঙ্গাৰ সূত্ৰপাত হয়। এই দাঙ্গাত শ শ লোক নিহত হয়।ইয়াৰ পিছতে মোডীৰ ভাবমূৰ্তি ম্লান পৰে আৰু তেওঁ এজন বিতৰ্কিত নেতা হৈ পৰে। তেওঁৰ ওপৰত দায়িত্ব সঠিকভাৱে পালন নকৰাৰ অভিযোগ উত্থাপিত হৈছিল।
  • সেই সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে নৰেন্দ্ৰ মোডী 'ৰাজধৰ্ম অনুসৰণ' কৰিবলৈ পৰামৰ্শ দিছিল। গুজৰাট দাঙ্গাত তেওঁৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ আৰোপ কৰা হৈছিল। মোডীক মুখ্যমন্ত্ৰীপদৰ পৰা আঁতৰাই দিয়াৰ কথাও চলিছিল। অৱশ্যে, তেওঁ বিজেপিৰ শক্তিশালী নেতা এল কে আদৱানীৰ সমৰ্থন লাভ কৰে আৰু মুখ্যমন্ত্ৰীৰ আসন সুৰক্ষিত হৈ থাকে।
  • আনকি ২০১৪ চনৰ ছেপ্টেম্বৰত মোডীক দলৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছিল। সেই সময়তো গুজৰাট দাঙ্গাক কেন্দ্ৰ কৰি মোডীৰ বিৰোধিতা কৰা হৈছিল। অৱশ্যে সেই বিৰোধিতাই মোডীক বাধা দিব নোৱাৰিলে। মোডীৰ নেতৃত্বত ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে বৃহত বিজয়েৰে ক্ষমতা দখল কৰে।একদৰে ২০১৯ চনতো মোডীৰ নেতৃত্বতে পুনৰ বিজেপিয়ে শাসনভাৰ লাভ কৰে।
  • প্ৰধানমন্ত্ৰী মোডী আৰু বিতৰ্ক যিদৰে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ঠিক সেইদৰে মোডীক তেওঁৰ কিছুমান গুণে আন ৰাজনৈতিক নেতাৰ পৰা পৃথক কৰিছে। বিশেষকৈ মোডীয়ে যিদৰে প্ৰযুক্তিক গুৰুত্ব দিয়ে সেইদৰে আন ৰাজনৈতিক দল বা নেতাই গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাযায়। ২০১৪ চনৰ নিৰ্বাচনত ইয়াৰ এক আভাস পোৱা গৈছিল। মোডীয়ে সূক্ষ্ম আৰু সৰু বিষয়বোৰৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ সক্ষম। যাৰ বাবে তেওঁ হৈ পৰিছে পৃথক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in