নৰেন কোৱঁৰৰ স্মৃতিচাৰন সভা : স্মাৰক গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি…

নৰেন কোৱঁৰৰ স্মৃতিচাৰন সভা : স্মাৰক গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি…

ডিজিটেল সংবাদ ধেমাজিঃ সদৌ অসম ছাত্ৰ সন্হাৰ প্ৰাক্তন উপ-সভাপতি, অসম সাহিত্য সভাৰ হিতৈষী সদস্য, ধেমাজি জিলা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাবে জড়িত সৰবৰহী ব্যক্তি প্ৰায়ত নৰেন কোৱঁৰৰ এখনি স্মৃতিচাৰন সভা আৰু স্মাৰক গ্ৰন্থ প্ৰকাশৰ উদ্দেশ্য শুকুৰবাৰে বিয়লি ২ বজাত ধেমাজি প্ৰেছ ক্লাৱত এখনি স্মৃতিচাৰন আৰু স্মাৰক গ্ৰন্থ প্ৰকাশৰ সভা অনুষ্ঠিত হয় ৷

ধেমাজি জিলা ছাত্ৰ সন্হাৰ সভাপতি দিপক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱাৰ সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে ধেমাজি জিলা ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক কল্যান গগৈয়ে ৷ চলিত মাহৰ ৯ জুনত অকাল মৃত্যু হোৱা প্ৰাক্তন সদৌ অসম ছাত্ৰ সন্হাৰ উপ-সভাপতি তথা সমাজসেৱক নৰেন কোৱঁৰে ছাত্ৰ অৱস্থাৰ পৰা মৃত্যু আগমুহূৰ্তলৈকে কৰা কৰ্মৰাজী সমূহৰ বিষয়ে সোঁৱৰি আলোকপাত কৰে ধেমাজি জিলা সাহিত্য সভাৰ সভানেত্ৰী বিনিতা গাৰোডিয়া চৌধুৰী, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ বৰুৱা ,সাহিত্যিক পেঞ্চনাৰ বিমল ৰাজখোৱা, অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষকদ্বয় ঘন কোৱঁৰ, হেমন্ত বৰপাত্ৰগোঁহাই , অৱসৰ প্ৰাপ্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক পদ্মেশ্বৰ দিহিঙীয়া ,ধেমাজি জিলা সাংবাদিক সন্হাৰ প্ৰাক্তন সভাপতি উমেশ খাণ্ডেলীয় , অৱসৰ প্ৰাপ্ত শিক্ষক ক্ৰমে ৰবি গগৈ , বগেন গগৈ ,ৰঘু কলিতা ,নন্দেশ্বৰ বৰগোহাঁই ,ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক কুমাৰ নেওগ , ধেমাজি সৰ্ব্বশিক্ষা অভিযান মিচনৰ জিলা আচঁনি বিষয়া অৱনি নাথ, ব্যৱসায়ী কমল শৰ্মা, প্ৰাক্তন আছু কৰ্মী হোমেন নায়ক , ধেমাজি জিলা ক্ৰীয়া সন্হাৰ সম্পাদক যতীন বুঢ়াগোঁহাই ,সদৌ অসম ছাত্ৰ সন্হাৰ সাংগঠনিক সম্পাদক মন্টুৰাজ বৰুৱা , জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা , ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা , ধেমাজি প্ৰেছ ক্লাৱৰ সাহিত্য সম্পাদক দ্বিপেন ভিতৰোৱাল কোৱঁৰ আৰু ধেমাজি জিলা ছাত্ৰ সন্হাৰ সম্পাদক কল্যাণ গগৈয়ে বক্তব্য ৰাখে ৷

অহা ১৯ জনুত হ'ব লগা তেখেতৰ আদ্যশ্ৰাদ্ধৰ এমাহৰ ভিতৰতেই সভাই কোৱঁৰৰ স্মৃতি জীয়াই ৰখা উদ্দেশ্যে এখনি স্মাৰক গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহন কৰে ৷ সভাই অৱসৰ শিক্ষক তথা সমাজসেৱক ৰবি গগৈক সভাপতি, বগেন গগৈ আৰু ৰঘু কলিতাক উপ-সভাপতি, ধেমাজি প্ৰেছ ক্লাৱৰ সাহিত্য সম্পাদক দ্বিপেন ভিতৰোৱাল কোৱঁৰক সম্পাদক হিচাপে লৈ এখনি শক্তিশালী স্মৃাৰক গ্ৰন্থ সমিতি গঠন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in