নাৰায়ণপুৰৰ বনপুৰৈ জামুগুৰিত ব্ৰহ্মপুত্ৰত পৰিল শ্ৰমিক

নাৰায়ণপুৰৰ বনপুৰৈ জামুগুৰিত ব্ৰহ্মপুত্ৰত পৰিল শ্ৰমিক

নাৰায়ণপুৰৰ বনপুৰৈ জামুগুৰিত ব্ৰহ্মপুত্ৰত পৰিল শ্ৰমিক

ডিজিটোল সংবাদ নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ  নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত সংঘটিত হৈছে এক অঘটন ৷ মহাবাহু ব্ৰহ্মপুত্ৰত পৰিল খহনীয়া প্ৰতিৰোধত নিয়োজিত শ্ৰমিক৷ ২৫ বছৰীয়া প্ৰদীপ হাজৰিকা নামৰ শ্ৰমিকজনৰ ঘৰ মাজুলীৰ শালমৰাত বুলি জানিব পৰা গৈছে । নদীৰ চৰত জিঅ'বেগত মাটি ভৰাবলৈ যোৱা সময়তে হঠাৎ নাঁৱৰ পৰা পানীত পৰিছিল শ্ৰমিকজন৷ স্থানীয় ৰাইজৰ সহযোগত অন্য শ্ৰমিকসকলে উদ্ধাৰ অভিযান চলাই আছে যদিও এই পৰ্যন্ত শুংসূত্ৰ ওলোৱা নাই শ্ৰমিকজনৰ৷

ইতিমধ্যে ঘটনাস্থলিলৈ ৰাওনা হৈছে নাৰায়ণপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ নেতৃত্বত এটা দল ।উল্লেখ্য যে একেখন গাঁৱৰে আন ১০ গৰাকী শ্ৰমিকৰ সৈতে খহনীয়া প্ৰতিৰোধৰ কামত লাগি আছিল শ্ৰমিক জন। এই ঘটনাৰ পিছতে সহযোগী শ্ৰমিক সকলে দুখ প্ৰকাশ কৰিছে। উল্লেখ্য যে বনপুৰৈ-জামুগুৰিত মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ কামত নিয়োজিত হৈ থকা শ্ৰমিক সকলে তেওঁলোকৰ সুৰক্ষাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in