নাৰায়ণপুৰত বিধ্বস্ত যাতায়তৰ বাবেই মহিলাৰ কৰুণ মৃত্যু

নাৰায়ণপুৰত বিধ্বস্ত যাতায়তৰ বাবেই মহিলাৰ কৰুণ মৃত্যু
  • লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অঘটন।
  • বিধ্বস্ত যাতায়তৰ বাবেই মহিলাৰ মৃত্যু।
  • মৃত মহিলাগৰাকী পূব নাৰায়ণপুৰৰ চকীয়াল চাপৰিৰ তৰুণ চকীয়ালৰ পত্নী ববিতা মিলি।
  • চিকিৎসালয়ত ভৰ্ত্তি কৰোৱাৰ পিছতেই মৃত্যুক আকোৱালি লয় মহিলা গৰাকীয়ে।
  • নাৰায়ণপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত বিয়লি মৃত্যু হয় দুৰ্ভগীয়া মহিলা গৰাকীৰ।
  • যোৱা দুদিন ধৰি পেতৰ অসুখত ভুগি আছিল চাৰিটা সন্তানৰ মাতৃ মহিলাগৰাকীয়ে।
  • প্ৰায় ৪ কিলোমিটাৰ পথ ঠেলাৰে কঢ়িয়াই অনাৰ পিছত আন ৪ কিলোমিটাৰ পথ ভাড়া কৰা গাড়ীৰে আনিছিল চিকিৎসালয়লৈ।
  • দলং বিহীন নদী আৰু বিধ্বস্ত পথৰ বাবে টুলুঙা নাও-ঠেলাই এম্বুলেঞ্চ বিপৰীতে সেই স্থানত ব্যৱহাৰ কৰা হয়।
  • ফলত দীৰ্ঘদিন ধৰি যমৰ যাতনা ভোগ কৰি আহিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে।
  • চৰকাৰে যিমানে প্ৰতিশ্ৰুতি দিলেও কিন্তু প্ৰকৃততে উন্নতি হোৱা দেখা পোৱা যোৱা নাই উক্ত অঞ্চলত।
  • পৰিৱৰ্তনে স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই ভিতৰুৱা অঞ্চল সমূহক।
  • স্থানীয় ৰাইজৰ দাবী যাতায়তৰ সুব্যৱস্থা থকা হ'লে মহিলা গৰাকীয়ে মৃত্যুবৰণ নকৰিলে হেতেন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in