নাৰায়ণপুৰত ধোঁৱাচাঙত পানী যোগান আঁচনি..

নাৰায়ণপুৰত ধোঁৱাচাঙত পানী যোগান আঁচনি..

ডিজিটেল সংবাদ নাৰায়ণপুৰ: নাৰায়ণপুৰত ধোঁৱাচাঙত উঠিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি । বিগত ২ বছৰ ধৰি বন্ধ হৈ আছে নাৰায়ণপুৰৰ বুঢ়াবুঢ়ি গ্ৰাম্য পানী যোগান আঁচনি খন । এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ অঞ্চলটোৰ ৰাইজৰ।পৰিৱৰ্তনৰ শ্ল'গান দি দ্বিতীয় বাৰৰ বাবে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ প্ৰতিটো বিভাগৰ কৰ্ম কাণ্ডই এতিয়া প্ৰমাণ কৰিছে চৰকাৰ খনৰ কৰ্ম দক্ষতাৰ নমুনা । যিটো সময়ত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী যোগেন মহনে নিজৰ বিভাগটোৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা বুলি দম্ভালি মাৰি আহিছে ঠিক তেনে সময়তে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে নাৰায়ণপুৰৰ এটা এটা অঞ্চলৰ ৰাইজে ।

এইখন লখিমপুৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিহপুৰীয়া উপ-সংমণ্ডলৰ অধীনৰ বুঢ়াবুঢ়ি গ্ৰাম্য পানী যোগান আঁচনি । বিগত ২ বছৰ ধৰি আঁচনিখন বন্ধ হৈ থকাৰ ফলত অঞ্চলটোৰ সহস্ৰাধিক পৰিয়ালে এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে । ফলত অঞ্চলটোৰ দৰিদ্ৰ ৰাইজে এক হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে । পানী যোগান আচঁনি খন বন্ধ হৈ থকাত সম্প্ৰতি গৃহ সমূহৰ লগতে জেনেৰেটৰকে ধৰি অন্যান্য সা-সজুলি সমুহ ধ্বংসস্তূপত পৰিনত হ'বলৈ আৰম্ভ কৰিছে ।

ইয়াৰ পাছতো কোনো ধৰণৰ কাণষাৰ নাই বিভাগটোৰ । আনহাতে আঁচনিখনত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গৰাকীৰ পদটোও চৰকাৰীকৰণ নোহোৱাত ৰাইজ ক্ষুদ্ধ হৈ পৰিছে । অঞ্চলটোৰ ৰাইজৰ দাবী শীঘ্ৰে পানীযোগান আঁচনিখন কাৰ্যক্ষম কৰি তোলাৰ লগতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গৰাকীৰ পদটোও চৰকাৰী কৰণ কৰক ।

উল্লেখ্য যে বিভাগটোৰ দায়ত্বহীন কাণ্ডৰ ফলত বিহপুৰীয়া উপসংমণ্ডলৰ অধীনৰ এটা দুটা নহয় প্ৰায় অধিকাংশ পানী যোগান আঁচনিয়েই বিকল হৈ থকাৰ সমান্তৰালকৈ সম্প্ৰতি হাবি জংঘলেৰে ভৰি পৰি ভুত বাংলাত পৰিণত হৈছে। এতিয়া প্ৰশ্ন হ'ল ভুত বাংলাত পৰিণত হোৱা এই সমুহ পানীযোগান আঁচনি পুনৰ উজ্জীৱিত কৰাৰ বাবে মন্ত্ৰী যোগেন মহন আৰু বিভাগীয় কতৃপক্ষই কিবা ব্যবস্থা গ্ৰহণ কৰিবনে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in