নাৰায়ণপুৰত দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ উদ্ধাৰ কৰিলে আৰক্ষীয়ে…

নাৰায়ণপুৰত দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ উদ্ধাৰ কৰিলে আৰক্ষীয়ে…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ আৰক্ষীয়ে দাঙি ধৰিলে মহানুভৱতাৰ সুন্দৰ নিদৰ্শন।খাকী পোছাকৰ আঁৰতো যে মানৱতা লুকাই থাকে তাকেই প্ৰমাণ কৰি দেখুৱালে এই সকল আৰক্ষীয়ে । যি সময়ত একাংশ আৰক্ষীৰ বৰ্বৰতাৰ কাণ্ডই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ঠিক তেনে সময়তে এইখন অসমৰে আন একাংশ আৰক্ষীৰ দায়িত্ববোধ তথা প্ৰকৃতিপ্ৰেমৰ নিৰ্দশনে সৰ্বসাধাৰণৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে ।


ইতিমধ্যেই প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা এই সকল আৰক্ষী হৈছে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বদতিঘাট নদী আৰক্ষী থানাৰ৷ প্ৰশংসিত হোৱাৰ মূল কাৰণ হ'ল এটা কাছ । উল্লেখ্য যে জিলা খনৰ বিভিন্ন অঞ্চলৰ নৈ-বিল আৰু জলাশয় সমুহত এতিয়া একাংশ মাছমৰিয়াৰ টাৰ্গেট হৈ পৰিছে দুষ্প্ৰাপ্য কাছ ৷ দীৰ্ঘদিন ধৰি এই সকল মাছমৰীয়াই নদী,বিল আৰু জলাশয় সমুহত কাছ চিকাৰ কৰি অবৈধ ভাৱে অসাধু চক্ৰক বিক্ৰী কৰি আহিছে ।

এনে সময়তে অঞ্চলটোৰ মাজেৰে বৈ যোৱা ডিক্ৰং নদীত মাছমৰীয়াৰ জালত পৰিছিল প্ৰায় ১৫ কেজি ওজনৰ এটা বৰ কাছ ৷ অবৈধ ভাৱে বিক্ৰী কৰাৰ লক্ষ্যৰে স্থানীয় এজন মাছমৰীয়াৰ ঘৰত লুকুৱাই ৰাখিছিল বৰ কাছটো । পৰৱৰ্তী সময়ত গোপন সূত্ৰৰ পম খেদি বদতি ঘাট নদী আৰক্ষীয়ে কাছটো লুকুৱাই ৰখাৰ সম্ভেদ লাভ কৰি মাছমৰীয়া জনৰ পৰা দুষ্প্ৰাপ্য কাছটো উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত কাছটোক বিহপুৰীয়া পশু চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান ৰঙাজান উজীৰৰ টোলৰ সংৰক্ষিত পুখুৰীত এৰি দিয়ে ৷


আনহাতে বহু ব্যস্ততাৰ মাজতো বদতিঘাট নদী আৰক্ষী থানাৰ আৰক্ষীয়ে লোৱা এনে পদক্ষেপক সমগ্ৰ অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী লোক সকলে শলাগ লোৱাৰ লগতে অনাগত সময়তো আৰক্ষীক প্ৰকৃতি জগতৰ পৰা হেৰাই যাব ধৰা বিভিন্ন প্ৰজাতিৰ জীৱকুল সমুহক উদ্ধাৰৰ বাবে এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই আৰু দুষ্প্ৰাপ্য জীৱকুল ধ্বংশ কৰা কাৰ্যত জড়িত লোক সকলৰ বিৰুদ্ধে অধিক কঠোৰ হ'বলৈ দাবী জনাইছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in