এম জি এন ৰেগা আচঁনি ৰূপায়ণত অনিয়মঃ ৩বছৰে সম্পূৰ্ণ নহ’ল তাতিবাহাৰ ৰেলষ্টেচন সংযোগী পথ..

এম জি এন ৰেগা আচঁনি ৰূপায়ণত অনিয়মঃ ৩বছৰে সম্পূৰ্ণ নহ’ল তাতিবাহাৰ ৰেলষ্টেচন সংযোগী পথ..

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ বুমেৰাংত পৰিনত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল চৰকাৰৰ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতি । নাৰায়ণপুৰত এম জি এন ৰেগা আচনিৰ ৰূপায়ণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । তিনি বছৰেও নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিলে ৩৮ লাখ ২২ হাজাৰ টকীয়া পথ । বিষয়া-ঠিকাদাৰৰ বিৰোদ্ধে আচনিৰ ধন আত্মসাৎ ৰ অভিযোগ ।

লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পিছলা গাঁও পঞ্চায়ত এলেকাৰ শিঙিয়া গড়কাপ্তানি পথৰ পৰা পুতুলিকাবাৰী হৈ তাতিবাহাৰ ৰেল ষ্টেচন সংযোগী পথটোত সংঘটিত হৈছে এই দুৰ্নীতি । প্ৰায় ৮০০ মিটাৰ দৈৰ্ঘ্যৰ এই পথচোৱা খাপৰি ইটাৰে নিৰ্মাণ কৰিবৰ বাবে ২০১৬-১৭ বৰ্ষতে আৱন্টন দিয়া হৈছিল ৩৮ লাখ ২২ হাজাৰ টকা ।

কিন্তু দুৰ্ভাগ্যজনক কথা যে বিগত তিনি বছৰে সম্পূৰ্ণ নহল উক্ত পথচোৱাৰ নিৰ্মাণকাৰ্য । পথচোৱাৰ প্ৰায় তিনিশ মিটাৰ মান অংশত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে যদিও সিও বিসংগতিপূৰ্ণ বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উথ্বাপন কৰিছে । নিৰ্দিষ্ট জোখতকৈ পথচোৱা ঠেক কৈ নিৰ্মাণ কৰাৰ ফলত ডাঙৰ গাড়ীটো দুৰৰে কথা দুখন সৰু গাড়ীও সমানে পাৰ হ'ব নোৱাৰে পথটিৰে । ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰিছে পথচাৰী সকল ।

আনহাতে নিৰ্মাণ সম্পূৰ্ণ হোৱা পথৰ অংশত চাইড বান্ধ নমৰাত ইটা বোৰ খহি যাবলৈ আৰম্ভ কৰাত নিশাৰ ভাগত কেবাটাও সৰু-বৰ দুৰ্ঘটনাও সংঘটিত হোৱা বুলিও স্থানীয় ৰাইজৰ অভিযোগত প্ৰকাশ । সদাব্যস্ত উক্ত পথচোৱাৰে বিহপুৰীয়া সমষ্টিৰ একমাত্ৰ ৰেল ষ্টেচন তাতিবাহাৰ ষ্টেচনলৈ দৈনিক শ শ লোকে অহা-যোৱা কৰা উক্ত পথচোৱাৰ নিৰ্মাণ কাৰ্য অতি সোনকালে সম্পূৰ্ণ কৰাৰ লগতে নিৰ্মাণ কাৰ্যত সংঘটিত হোৱা বিসংগতি সমুহ দুৰ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে স্থানীয় বিধায়ক দেৱনন্দ হাজৰিকাৰ হস্তক্ষেপৰো দাবী জনাইছে স্থানীয় ৰাইজে ।

উল্লেখ্য যে উক্ত পথচোৱাৰ নিৰ্মাণ কাৰ্যত বিধায়ক গৰাকীৰ প্ৰতিনিধি সুনিল হাজৰিকাৰ লগতে আন দুগৰাকী স্থানীয় বিজেপি নেতা প্ৰত্যক্ষ ভাবে জড়িত আছে বুলিও স্থানীয় ৰাইজে অভিযোগ উথ্বাপন কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in