শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

নাৰায়ণপুৰত সত্ৰাধিকাৰ আৰু সমাজ কৰ্মীয়ে আগবঢ়ালে দৰিদ্ৰ জনক সাহায্য, VIDEO

49

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ মহামাৰী কোৰোনাক কেন্দ্ৰ কৰি চলি থকা লকডাউনৰ সময়ত নিজ নিজ ঘৰতে আৱদ্ধ হৈ থাকিব লগা হোৱা দৰিদ্ৰ পৰিয়াল সমুহক চৰকাৰে সহায় কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি পূৰ্ণ সহযোগিতা আগৱঢ়াইছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কৰ্মচাৰীসকলেও৷ তাৰমাজতে একাংশ সমাজ কৰ্মীয়েও সমাজ খনৰ বাবে কৰিবলগীয়া দায়িত্ব বুজিয়েই আগৱাঢ়ি আহিছে৷ নাৰায়ণপুৰৰ শ্ৰীশ্ৰী বদলা পদ্মআতাৰ জন্মস্থান সক্ৰাহী সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱ গোস্বামীয়ে কেবাটাও দৰিদ্ৰ পৰিয়ালক আগৱঢ়াই খাদ্য সামগ্ৰী।

সত্ৰৰ কাষৰীয়া দুখীয়া পৰিয়াল সমূহক সত্ৰাধিকাৰ গৰাকীয়ে চাউল, দাইল, আলু, পিয়াঁজ, মিঠাতেল আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সমূহ আগৱঢ়াই। আনহাতে নাৰায়ণপুৰ শিমলুগুৰিৰ সমাজকৰ্মী তুলেশ্বৰ পেগুৱে বিহপুৰীয়া সমষ্টিৰ ওঠৰটা পঞ্চায়তৰ প্ৰতিটোতে পঞ্চায়ততে ২০-৩০ টাকৈ পৰিয়ালক খাদ্য সামগ্ৰী আগৱঢ়োৱাৰ পৰিকল্পনা কৰি বিতৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ ইতিপূৰ্বে তেওঁ ধলপুৰ, গনকদলনি আৰু শিমলুগুৰি পঞ্চায়তত বিতৰণ কৰিছে খাদ্য সামগ্ৰীসমূহ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি