ৰাম মন্দিৰ নিৰ্মাণঃ নাৰায়ণপুৰত অৰ্থ সংগ্ৰহৰ কাৰ্যালয় মুকলি…

ৰাম মন্দিৰ নিৰ্মাণঃ নাৰায়ণপুৰত অৰ্থ সংগ্ৰহৰ কাৰ্যালয় মুকলি…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰত শ্ৰীৰাম মন্দিৰ নিধি নিৰ্মাণ সমৰ্পণ অভিযানৰ কাৰ্যালয় মুকলি । শ্ৰীৰাম মন্দিৰ নিৰ্মাণ সমৰ্পণ অভিযানৰ নাৰায়ণপুৰ খণ্ডৰ উদ্যোগত নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মেৰে কাৰ্যালয়টো মুকলি কৰে শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰী সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীয়ে ।

কাৰ্যালয় মুকলিৰ পিছতে অনুস্থিত হোৱা এখন সভাত আৰ এছ এছ ৰ উত্তৰ অসম প্ৰান্তৰ সহ অভিযান প্ৰমুখ কেশৱ ভূঞাই সবিশেষ বৰ্ণনা কৰি বক্তব্য প্ৰদান কৰাৰ উপৰি স্থানীয় বিধায়ক দেবানন্দ হাজৰিকা আৰু নাৰায়ণপুৰ খণ্ডৰ সভাপতি হৰিশ চন্দকে বক্তব্য প্ৰদান কৰে ।

নাৰায়ণপুৰ খণ্ডৰ সম্পাদক মনোজ বৰুৱাই আঁতধৰা কাৰ্যালয় মুকলি সভাখনত বিজেপিৰ ৰাজ্যিক জনজাতি মৰ্চাৰ সভাপতি হৰেন দেউৰী,বিজেপি নেতা হেমন্ত নেওগ,ৰাজীৱ বৰুৱা,অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন শৰ্মা,শ্ৰীৰাম মন্দিৰ নিৰ্মাণ সমৰ্পণ অভিযানৰ লখিমপুৰ জিলা প্ৰমূখ লীলা গগৈকে ধৰি বহু সংখ্যক লোক উপস্থিত থাকে ।

আনহাতে এই কাৰ্যালয়টোৰ জৰিয়তে বৃহত্তৰ নাৰায়ণপুৰ অঞ্চলৰ পৰা প্ৰস্তাৱিত শ্ৰীৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৰাম ভক্ত সকলৰ পৰা অৰ্থ সংগ্ৰহ কৰাৰ লগতে জনসম্পৰ্ক গঢ়ি তোলা হ'ব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in