নাৰায়ণপুৰত ৰাইজৰ দলৰ বৃহৎ সভা: বিহপুৰীয়া সমষ্টি ভিত্তিত আহ্বায়ক সমিতি গঠন…

নাৰায়ণপুৰত ৰাইজৰ দলৰ বৃহৎ সভা: বিহপুৰীয়া সমষ্টি ভিত্তিত আহ্বায়ক সমিতি গঠন…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন। নাৰায়ণপুৰৰ সমীপৰ জৰাবাৰিস্থিত জ্যোতি সংগমৰ প্ৰেক্ষাগৃহত বিহপুৰীয়া সমষ্টি ভিত্তিত অনুস্থিত কৰা সভা খনত মতিলাল পাৱে,যাদৱ হাজৰিকা,ৰাজ দেউৰী,ৰবীন গগৈ,ভাস্কৰ ৰাজখোৱা,বাবু গগৈ,বলোভদ্ৰ দেউৰীক মুখ্য আহ্বায়ক হিচাপে লৈ ৰাইজৰ দলৰ বিহপুৰীয়া সমষ্টিৰ আহ্বায়ক সমিতি খন গঠন কৰে।

দলটোৰ ৰাজ্যিক আহ্বায়ক অনুপজ্যোতি শইকীয়া,অনিল বড়ো আৰু ভবেন সন্দিকৈ উপস্থিত থকা উক্ত সভাখনতে কংগ্ৰেছ,বিজেপি আৰু অগপ দলৰ পৰা অহা শতাধিক পুৰুষ-মহিলাই আনুষ্ঠানিক ভাৱে ৰাইজৰ দলত যোগদান কৰে। আনহাতে, কাৰাৰুদ্ধ অখিল গগৈৰ মুক্তিৰ দাবী জনাই শ্লোগানেৰে মুখৰ কৰি তোলে সভাস্থলি ।

উল্লেখ্য যে, সোমবাৰে নাৰায়ণপুৰত অনুস্থিত জননেতা ভীমবৰ দেউৰীৰ স্মৃতি দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল। মুখ্যমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰা সভাস্থলিৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ দূৰত্বত আন এখন বৃহৎ সভা অনুষ্ঠিত কৰি নৱ গঠিত দলটোৱে এক প্ৰকাৰ প্ৰত্যাহ্বান হিচাপে থিয় দিয়া বুলি চৰ্চা লাভ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in