নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত অৰাজক পৰিস্থিতি, VIDEO

নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত অৰাজক পৰিস্থিতি, VIDEO

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ একাংশ বিষয়া-কৰ্মচাৰীৰ হঠকাৰী কাম-কাজৰ বাবেই বুমেৰাঙত পৰিণত হৈছে নেকি চৰকাৰৰ কোৰোনা বিৰুধী যুজঁ? যি সময়ত নিখুঁত পৰিকল্পনাৰে কোভিত-১৯ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে অহৰহ যুদ্ধ অব্যাহত ৰাখিছে ঠিক সেই সময়তে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এটা কোৱাৰেন্টাইন চেন্টাৰত সংঘটিত হৈছে অৰাজক পৰিস্থিতিৰ। চেন্টাৰটোত খাদ্য যোগানৰ নামত ব্যাপক অনিয়ম অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে খোদ আবাসীয়ে। একাংশই ফুটাকৰি এটাও খাবলৈ নোপোৱাৰ বিপৰীতে আন একাংশই লাভ কৰিছে মাত্ৰ একোখনকৈ ৰুটি।

দুৰ্ভাগ্যজনক কথা যে ফোন যোগে অনাহাৰে থকাৰ খবৰ লাভ কৰি চেন্টাৰটোত থকা আত্মীয়লৈ ঘৰৰ পৰা খাদ্যৰ টোপোলা আনিব লগা হ'ল পৰিয়ালৰ লোকে। আনহাতে আন এক ভয়ংকৰ অভিযোগে কোৱাৰেন্টাইন চেন্টাৰটোত। উত্থাপিত অভিযোগ অনুসৰি একাংশ বহিঃৰাজ্য ফেৰৎ যুৱকৰ বৰ্তমানলৈকে হোৱা নাই কোভিত-১৯ৰ চেম্প'ল টেষ্ট। চেম্প'ল টেষ্ট কৰা আৰু নকৰা সকলো আবাসীকে একেলগে ৰাখিছে। ফলত এক আতংকময় পৰিবেশে বিৰাজ কৰিছে চেন্টাৰটোত।

এক কথাত ক'বলৈ গ'লে চূড়ান্ত অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে নাৰায়ণপুৰৰ চৌদ্ধপুনিয়াস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰত। প্ৰায় দুই শতাধিক বহিঃৰাজ্য ফেৰৎ আবাসী থকা চেণ্টাৰটোত খাদ্যৰ লগতে আন উপযুক্ত সা-সুবিধা নোপোৱাৰ অভিযোগ উথ্বাপন কৰি এক হুলস্থুলীয়া পৰিস্থিতিৰো সৃষ্টি কৰে আবাসী সকলে। আনহে নালাগে উক্ত কোৱাৰেন্টাইন চেন্টাৰটোত নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীৰ লোক সকলেও খাদ্যৰ নামত চাহ এটুপিও খাবলৈ নোপোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

ইফালে স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাইও স্বীকাৰ কৰিলে কোৱাৰেন্টাইন চেন্টাৰটোত সংঘটিত হোৱা অৰাজক পৰিস্থিতিৰ কথা। চেন্টাৰটো পৰিদৰ্শন কৰি উক্ত সমস্যা শীঘ্ৰে দূৰ কৰা হ'ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in