নাৰায়ণনুৰত ইআইএ বাতিলৰ দাবীত কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ প্ৰতিবাদ…

নাৰায়ণনুৰত ইআইএ বাতিলৰ দাবীত কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ,নাৰায়নপুৰ : কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা সমিতিয়ে আজি ৰাজ্যযোৰা কৃষক সংহতি দিৱস উপলক্ষে নাৰায়ণপুৰতো অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰুপায়ন কৰে ৷

নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত শ্বহীদ বেদীৰ সন্মুখত সংগঠনদুটাৰ অৰ্ধ শতাধিক সদস্যই প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে শীঘ্ৰে জাতিধ্বংসি কৃষক আইন ইআইএবাতিলৰ দাবী জনাই ৷ প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক তীব্ৰ সমালোচনা কৰে ।

এই প্ৰতিবাদী কাৰ্যসূচীত ৰাইজৰ দলেও সহযোগতীতা আগবঢ়াই । কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক বিতুপন হাতীবৰুৱা,জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা শোভেশ্বৰ চাংমাই,মুনিন্দ্ৰ বৰুৱা,দেবানন্দ বৰুৱা,ভৈৰৱপ্ৰাণ গগৈৰ লগতে অসম জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক অনুপজ্যোতি শইকীয়াকে ধৰি বহুকেইগৰাকী নেতাই অংশগ্ৰহণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in