নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান: স্মাৰকগ্ৰন্থ ‘বৰ নাৰায়ণপুৰ’ উন্মোচন…

নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান: স্মাৰকগ্ৰন্থ ‘বৰ নাৰায়ণপুৰ’ উন্মোচন…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ বৃহত্তৰ নাৰায়ণপুৰ অঞ্চলৰ সাংবাদিক সকলৰ অগ্ৰণী অনুষ্ঠান নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান আৰু ৩১ সংখ্যক প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । এই উপলক্ষে পুৱা প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি কুমুদ শইকীয়াই আৰু ৰূপালী জয়ন্তী সমাৰোহ উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি ড.শৰৎ হাজৰিকাই। ইয়াৰ পিছতে দিনৰ ১১-৩০ বজাৰ পৰা নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ কাৰ্যালয় পৰাগ কুমাৰ দাস স্মৃতি ভৱনত অনুষ্ঠিত হোৱা মুকলি সভাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জীৱন সন্দিকৈয়ে আৰু পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু স্মাৰকগ্ৰন্থ সম্পাদনা সমিতিৰ অন্যতম সম্পাদক তথা অধ্যাপক-লেখক প্ৰয়াত যোগেন তামুলীৰ স্মৃতিচাৰণ কৰে বিশিষ্ট লেখক-সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ চন্দ্ৰ হাজৰিকাই।

নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ সভাপতি কুমুদ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধক কৰে প্ৰাক্তন সাংবাদিক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক কিৰণ চন্দ্ৰ শৰ্মাই। প্ৰেছ ক্লাবৰ সম্পাদক চন্দন শইকীয়া আৰু ৰূপালী জয়ন্তী সমাৰোহ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক দিপান্ত কাকতিয়ে আঁত ধৰা উক্ত অনুষ্ঠানটিত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড.অমিয় কুমাৰ ভূঞাই নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণী উপলক্ষে চন্দ্ৰ হাজৰিকা আৰু জগত গগৈৰ সম্পাদনাত প্ৰকাশিত 'বৰ নাৰায়ণপুৰ' শীৰ্ষক গবেষনামুলক গ্ৰন্থ খন উন্মোচন কৰে ।

মুকলি সভাখনত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড. গৌতম কাকতিয়ে বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । সভাখনত সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ দেৱগোস্বামী,দীপজ্যোতি মহন্ত,অৱসৰপ্ৰাপ্ত শিক্ষক
সত্যজিৎ দত্ত,অৱসৰপ্ৰাপ্ত অধ্যক্ষ চন্দ্ৰনাথ শইকীয়া,অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেন শৰ্মা,অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক গোলাপ শইকীয়া,প্ৰাক্তন সাংবাদিক বেথাৰাম বৰা, সমাজকৰ্মী অচ্যুত শইকীয়া আদিয়ে বক্তব্য আগবঢ়ায়। উক্ত সভাতে নাৰায়ণপুৰ অঞ্চলৰ কেইবাগৰাকীও প্ৰাক্তন সাংবাদিক আৰু প্ৰেছ ক্লাবক বিগত সময়চোৱাত বিশেষভাৱে সহায়ৰ হাত আগবঢ়াই অহা প্ৰায় ডেৰ কুৰি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিক একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

সভাখনত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিহপুৰীয়া-নাৰায়ণপুৰ জিলা শাখাৰ সভাপতি গোলাপ বৰুৱা, প্ৰাক্তন সভাপতি তথা মূলৰ সদস্য প্ৰদীপ ভূঞা,দেউৰী সাহিত্য সভাৰ সভাপতি ফিজু কুমাৰ দেউৰী, পিছলাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গুনীন্দ্ৰ বৰা, সমাজকৰ্মী বিপুল নাৰায়ণ ভূঞা,প্ৰধান শিক্ষক উপেন কুমাৰ বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হেমচন্দ্ৰ গোস্বামী, চিত্ৰশিল্পী হৰিপ্ৰসন্ন শইকীয়া, জুতি কুমাৰ গোহাঁই,সমাজকৰ্মী সত্যনাৰায়ণ আগৰৱালা, সমাজকৰ্মী চৌকিম মানচে, অসম ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ সমন্বয়ক উৎপল হাজৰিকা,প্ৰাক্তন প্ৰধান শিক্ষক ভানু দলে, জিলা পৰিষদৰ সদস্য ভাস্কৰ হাজৰিকা প্ৰমুখ্যে ভালেসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে।

আনহাতে দেওবাৰে সন্ধিয়া নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ সভাপতি কুমুদ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি আৰু বিষয় বাচনি সভাত জ্যেষ্ঠ সাংবাদিক জগত গগৈক সভাপতি আৰু সৰোজ কুমাৰ নেওগক সম্পাদক হিচাপে লৈ পৰৱৰ্তী ২০২২-২৩ বৰ্ষৰ বাবে নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ নতুন সমিতিখন গঠন কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in