নাৰায়ণপুৰত খাকী পোচাকত দাগ লগালে এজন আৰক্ষী জোৱানে…

নাৰায়ণপুৰত খাকী পোচাকত দাগ লগালে এজন আৰক্ষী জোৱানে…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ অসম আৰক্ষীত স্মাৰ্ট পুলিছৰ অস্মাৰ্ট কাণ্ড ৷ স্বাধীনতা দিৱসৰ দিনটোতে সুৰাৰ ৰাগীত মাতাল হৈ দিন দুপৰতে পথৰ কাষত পৰি থাকিল এজন অসম আৰক্ষীৰ জোৱান। খাকী পোছাকত দাগ লগোৱা এই গৰাকী আৰক্ষী নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীত কৰ্মৰত ৷

জোৱানগৰাকী হৈছে এ বি চি ৭৬৬ ভূপেন ভূঞা। ঘৰ বিশ্বনাথ জিলাৰ কলাবাৰীত। বিগত সময়তো উক্ত আৰক্ষীগৰাকীয়ে শিমলুগুৰি অঞ্চলত য'তে ত'তে মদ খায় মাত্লামী কৰি অহাৰ লগতে পৰিবেশ বিনষ্ট কৰি আহিছে ৷ ইযাৰ পিছতো আৰক্ষীৰ উদ্ধৰ্তম কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in