আমি ভোট নিদিও, আমাক চৰকাৰে ঠগিলে! নাৰায়ণপুৰৰ ভোলাবৰীত বিধ্বস্ত পথত ভূই ৰুই, মাছ মাৰি প্ৰতিবাদ ৰাইজৰ

আমি ভোট নিদিও, আমাক চৰকাৰে ঠগিলে! নাৰায়ণপুৰৰ ভোলাবৰীত বিধ্বস্ত পথত ভূই ৰুই, মাছ মাৰি প্ৰতিবাদ ৰাইজৰ

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ এটা বিধ্বস্ত পথে দীৰ্ঘদিন ধৰি জমৰ যাতনা ভোগাই আহিছে নাৰায়ণপুৰৰ এটা অঞ্চলৰ জনতাক। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভোগপুৰ চাৰিআলিৰ পৰা ভৰপুৰ হৈ ভোলাবৰী সংযোগী এই গুৰুত্বপূৰ্ণ পথটো বিগত বছৰ বছৰ ধৰি মেৰামতি তথা পুনৰ নিৰ্মাণ নোহোৱাত বিধ্বস্ত হৈ পৰিছে৷ ফলত বৃহত্তৰ অঞ্চলটোৰ লোক সকলে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰীবলগা হৈছে।

স্থানীয় বিধায়কৰ লগতে ভোলাবৰী গাঁও পঞ্চায়ত আৰু নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অঞ্চলটোৰ ৰাইজে পথচোৱা পুনৰ নিৰ্মাণৰ বাবে বহুবাৰ আবেদন-নিবেদন জনাইছে যদিও কোনো সুফল লাভ নকৰিলে৷ অঞ্চলবাসী ৰাইজৰ আবেদন-নিবেদনৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াত ৰাইজ ক্ষুদ্ধ হৈ পৰিছে। বাৰিষাটো দুৰৰে কথা খৰালিৰ এজাক বৰষুণতে সমগ্ৰ পথচোৱা বোকাময় হৈ পৰাৰ লগতে পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাতত একাঠু পৰ্যন্ত পানীৰে উপচি পৰে।

শেহতীয়াকৈ যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত দুচকীয়া-চাৰিচকীয়া বাহনটো দুৰৰে কথা চাইকেল অথবা খোজকাঢ়ি যাবলৈও উপায় নোহোৱা হৈছে পথচোৱাৰে। ইমানৰ পিছতো কোনো গুৰুত্ব নিদিয়াত চৰকাৰ তথা জনপ্ৰতিনিধিৰ আওকণীয়া মনোভাৱৰ বিৰুদ্ধে পথৰ মাজত ভূই ৰোৱাৰ লগতে পল-জুলুকি আৰু জালেৰে মাছ মাৰি প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে।

আনহাতে শীঘ্ৰে এই গুৰুত্বপূৰ্ণ পথটি মেৰামতি তথা পুনৰনিৰ্মাণ কৰি যাতায়াতৰ ক্ষেত্ৰত সুচল কৰি তুলিবৰ বাবে অঞ্চলটোৰ ৰাইজে দাবী জনাইছে৷ অন্যথা পৰৱৰ্তী সময়ত নিৰ্বাচন বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে ৰাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in