ভোগ-নৈবেদ্যৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ শৰণাপন্ন নৈপৰীয়াঃ নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত ভয়ংকৰ খহনীয়া…

ভোগ-নৈবেদ্যৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ শৰণাপন্ন নৈপৰীয়াঃ নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত ভয়ংকৰ খহনীয়া…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ বাহ-জেঙেৰে খহনীয়া ৰোধৰ চেষ্টা ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰ। মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াৰপৰা পৰিত্ৰাণ বিচাৰি অৱশেষত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিবাসীয়ে আজি নৈৰ পাৰত নাম-প্ৰসংগ কৰাৰ উপৰি বাবা ব্ৰহ্মপুত্ৰৰ শৰনত ভোগ-নৈবেদ্য আগবঢ়াই৷ অঞ্চলটোৰ ৰাইজে মহাবাহুক ব্ৰহ্মপুত্ৰক শান্ত আৰু স্থিৰেৰে ৰখোৱাৰ উদ্দেশ্যে খহনীয়া স্থলীতে দিনজোৰা কাৰ্যসুচীৰে ধূপ, দ্বীপ,নৈবেদ্যসহ নাম প্ৰসংগ কৰি নেদেখা জনক সন্তুষ্ট কৰাৰ লগতে বাবা ব্ৰহ্মপুত্ৰৰ বুকুত ভোগ নৈবেদ্য আগবঢ়ায়৷

উল্লেখ্য যে, বিগত বছৰ বছৰ ধৰি ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰি বনপুৰৈ-জামুগুৰি বাসী ৰাইজে হেৰুৱাব লগা হৈছে শ শ বিঘা কৃষি ভূমি আৰু নৈ বুকুত বিলিন হৈছে শতাধিক পৰিয়ালৰ বাসগৃহ৷ প্ৰতিশ্ৰুতিৰ ধল বোৱাই চৰকাৰ সলনি হ'লেও অঞ্চলটোৰ ৰাইজৰ সমস্যাৰ সমাধান কৰিবৰ বাবে কোনো এখন চৰকাৰে দায়িত্ব কান্ধ পাতি লোৱা নাই৷ দুবছৰৰ পূৰ্বে অঞ্চলটোৰ বান গৰাখহনীয়া পৰিদৰ্শন কৰি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই গৰাখহনীয়া প্ৰতিৰোধৰ বিজ্ঞান সন্মত ভাবে স্থায়ী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজিকোপতি সেয়া সম্ভৱ নহ'ল।

বনপুৰৈ-জামুগুৰিৰ ঐতিহাসিক পাৰঘাট টো খহনীয়াৰ কবলত পৰি নিশ্চিহ্ন হ'ল মহাবাহুৰ বুকুত৷ সম্প্ৰতি ৩ আৰু ৪ নম্বৰ চেক বান্ধ দুটাও মহাবাহুৰ প্ৰৱল গৰাখহনীয়াৰ কবলত পৰাত আতংকিত হৈ পৰিছে বনপুৰৈ-জামুগুৰি বাসী ৰাইজ৷ খহনীয়াৰ প্ৰকোপ ইমানেই বৃদ্ধি পাইছে যে জামুগুৰি-আৰিমৰা সংযোগী বৃহৎ মথাউৰিটোৰ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। মথাউৰিটো খহনীয়াই স্পৰ্শ কৰিবলৈ মাত্ৰ পঞ্চাশ মিটাৰ মানহে বাকী।

বনপুৰৈ-জামুগুৰিবাসী ৰাইজৰ দাবী ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰ কথা বাদেই অতি স্পৰ্শকাতৰ তথা জটিল সমস্যাটো ওচৰৰ পৰা এবাৰ চাবলৈও আহৰি নোলাল স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাৰ। আনহাতে সাংসদ পল্লৱ লোচন দাসৰ চেহেৰাটোও দেখি নাই পোৱা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে উক্ত অঞ্চলৰ ৰাইজে৷ এনেসময়ত চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই মহাবাহু ব্ৰহ্মপুত্ৰ আৰু অদৃশ্য জনৰ শৰণাপন্ন হৈছে দুৰ্ভগীয়া বনপুৰৈ জামুগুৰিবাসী ৰাইজ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in