বিধ্বস্ত পথে জলাকলা খুৱাইছে নাৰায়ণপুৰৰ গেলেকী গাঁওবাসীক…

বিধ্বস্ত পথে জলাকলা খুৱাইছে নাৰায়ণপুৰৰ গেলেকী গাঁওবাসীক…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : নাৰায়ণপুৰৰ এটা বিধ্বস্ত পথে জলাকলা খুৱাইছে এখন গাঁৱৰ ৰাইজক । সামান্য এজাক বৰষুণ দিলেই একাঠু পৰ্যন্ত বোকা-পানীৰে ভৰি পৰে পথটি । ফলত বছৰ বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত জমৰ-যাতনা ভোগ কৰি আহিছে অঞ্চলটোৰ লোক সকলে । লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গনকদলনী গাঁও পঞ্চায়ত এলেকাৰ গেলেকী গাঁও সংযোগী এই গুৰুত্বপূৰ্ণ পথটোত স্বাধীনতাৰ ৭ দশকৰ পিছতো শিলগুটি টো বাদেই নপৰিল এচপৰা মাটিও ।

শতাধিক পৰিয়ালে বসবাস কৰা গাঁও খনৰ গুৰুত্বপূৰ্ণ পথটোৰ দুৰৱস্থাৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ পথচাৰিলৈকে সকলোৱেই যাতায়তৰ ক্ষেত্ৰত জমৰ-যাতনা ভোগ কৰি আহিছে । বিধ্বস্ত পথৰ বাবেই অঞ্চলটোৰ ৰাইজে ৰোগীক ঠেলা অথবা চাইকেলত বহুৱাই এক-ডেৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি গাড়ীত তুলিবগৈ লাগে ।

বছৰৰ ৬ টা মাহেই বোকা পানীৰে ভৰি থকা পথচোৱা পুনৰ নিৰ্মাণৰ বাবে অঞ্চলটোৰ ৰাইজে চৰকাৰ-প্ৰশাসনকক বাৰম্বাৰ দাবী জনাই আহিছে যদিও কোনো সুফল লাভ নকৰিলে । নিৰ্বাচনৰ আগত গাঁও খনলৈ জনপ্ৰতিনিধি সকল আহি ভোট ভিক্ষা কৰাৰ লগতে গাঁও খনৰ উন্নয়নৰ আশ্বাস বহুত দিয়ে কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত সকলো পাহৰি যায় ।

গাঁও খনৰ লোক সকলক এইবাৰ আশ্বাস নালাগে পথহে লাগে । সেয়ে অঞ্চলটোৰ দুৰ্ভগীয়া ৰাইজে এইবাৰ সংবাদ মাধ্যমৰ জৰিয়তে ড.হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা নতুন চৰকাৰ খনৰ লগতে স্থানীয় নৱনিৰ্বাচিত বিধায়ক ড.অমীয় কুমাৰ ভূঞাক শীঘ্ৰে পথচোৱা পুনৰ নিৰ্মাণ কৰি যাতায়তৰ ক্ষেত্ৰত সুচল কৰি তুলিবৰ বাবে কাতৰ আহ্বান জনাইছে । এতিয়া প্ৰশ্ন হয় পৰিৱৰ্তনৰ শ্লোগানেৰে ক্ষমতা দখল কৰা চৰকাৰ খনৰ লগতে বিহপুৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক গৰাকীয়ে এইসকল জনতাৰ কাতৰ আহ্বান শুনিবলৈ আহৰি পাবনে …?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in