নাৰায়ণপুৰত জননেতা ভীমবৰ দেউৰীৰ স্মৃতি দিৱস উদযাপনঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ…

নাৰায়ণপুৰত জননেতা ভীমবৰ দেউৰীৰ স্মৃতি দিৱস উদযাপনঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: জননেতা ভীমবৰ দেউৰীৰ ৭৩ সংখ্যক স্মৃতি দিৱসটি আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত উদযাপন কৰা হয় । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসন,দেউৰী স্বায়ত্ত শাসিত পৰিষদ আৰু সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা জননেতা গৰাকীৰ স্মৃতি দিৱসটিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ বিপৰীতে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে,তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস,প্ৰাক্তন শিক্ষা মন্ত্ৰী প্ৰেমধৰ বৰা,মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দিবাকৰ চন্দ্ৰ ডেকা, দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী,বিজেপিৰ ৰাজ্যিক জনজাতি মৰ্চাৰ সভাপতি হৰেন দেউৰী,ৰাজ্যিক কৃষাণ মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰা,জ্যেষ্ঠ বিজেপি নেতা অমীয় কুমাৰ ভূঞা, লখিমপুৰ জিলা উপায়ুক্ত জীৱন বি য়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ।

সভাৰ আৰম্ভনিতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জননেতা ভীমবৰ দেউৰীৰ প্ৰতিস্ববিৰ সমুখত বন্তি প্ৰজ্বলন কৰি মাল্যাৰ্পন কৰে । নাৰায়ণপুৰ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা জননেতা গৰাকীৰ স্মৃতি দিৱসৰ কাৰ্যসূচীত আদৰণি ভাষণ প্ৰদান কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক বিষ্ণুকমল বৰাই ।

স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰা সভাখনত কেবাসহস্ৰাধীক লোকে অংশগ্ৰহণ কৰে । অনুষ্ঠানটিত অসমীয়া বিহুৰ উপৰি দেউৰী আৰু মিছিং জনগোষ্ঠীৰ স্বকীয় কৃষ্টি-সংস্কৃতিও প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত ভাষণ প্ৰদান কৰি নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী সকলক জননেতা ভীমবৰ দেউৰীৰ নীতি-আদৰ্শ অনুকৰণ কৰিবলৈ আহ্বান জনায় । আনহাতে শদিয়াত জননেতা গৰাকীৰ স্মৃতিত ১১০ দহ বিঘা মাটিত এটি প্ৰকল্প নিৰ্মাণৰ কথাও সজোৰে ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in