নাৰায়ণপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সুৰংগ সদৃশ গাঁত : আতংকিত পথচাৰী…

নাৰায়ণপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সুৰংগ সদৃশ গাঁত : আতংকিত পথচাৰী…

ডিজিটেল সংবাদ নাৰায়ণপুৰ: নাৰায়ণপুৰৰ বৰপথাৰত ভয়ংকৰ কাণ্ড । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে সুৰংগ সদৃশ এটা প্ৰকাণ্ড গাঁত । প্ৰায় ৬ ফুট দ' আৰু ভিতৰ ভাগ যথেষ্ট বহল গাঁতটো কি দৰে সৃষ্টি হ'ল তাকে লৈ এতিয়া ৰাইজৰ মাজত সৃষ্টি হৈছে কৌতুহলৰ ।

এই সুৰংগ সদৃশ প্ৰাকাণ্ড গাঁতটোৰ বাবে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকাত ভূগিছে স্থানীয় ৰাইজৰ লগতে পথচাৰী সকল । ইতিমধ্যে আতংকগ্ৰস্ত স্থানীয় লোকে গাঁতটোত গছৰ দাল ভৰাই দুৰ্ঘটনা ৰোধৰ চেষ্টা চলাইছ ।

ৰাইজৰ অভিযোগ পথ নিৰ্মাণকাৰী সংস্থাৰ নিম্নমানৰ কামৰ বাবেই পথচোৱাত এনেদৰে সুৰংগ সদৃশ গাঁতৰ সৃষ্টি হ'বলৈ পালে । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগতে লখিমপুৰ জিলা প্ৰশাসনক শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবীজনাইছে স্থানীয় ৰাইজে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in