ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী মেঘাশ্ৰী বৰাই ৰাজ্যখনৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ফলাফল ঘোষণাৰ হোৱাৰ পিছতেই সমগ্র নাৰায়ণপুৰ অঞ্চলতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। নাৰায়ণপুৰৰ পৌৰ সভাৰ এক নং ৱাৰ্ডৰ নিবাসী ভাৰতীয় সেনা বাহিনীৰ চিকিৎসা বিভাগত কৰ্মৰত প্ৰয়াত গকুল বৰা আৰু নাওবৈছা কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা বন্তি বৰাৰ দ্বিতীয় কন্যা মেঘাশ্ৰীয়ে অসমীয়াত ৯৭, ইংৰাজীত ৯৭, গনিতত ১০০, ঐছ্যিক গনিতত ১০০, বিজ্ঞানত ১০০ আৰু সমাজ বিজ্ঞানত ১০০ নম্বৰ লাভেৰে ৯৯% নম্বৰ লাভ কৰি এই গৌৰৱ কঢ়িয়াই আনিছে।
পুৱাই সেই সুখবৰ লাভ কৰাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে মেঘাশ্ৰীৰ বাসগৃহত। উল্লেখ্য যে, মেঘাশ্ৰীৰ পিতৃ বিগত বৰ্ষৰ জুন মাহত হৃদযন্ত্ৰৰ ক্ৰীয়া বন্ধ হৈ আকস্মিক ভাবে মৃত্যু হৈছিল। কন্যাৰ সফলতাৰ বাবে যথেষ্ট ত্যাগ কৰা পিতৃৰ অনুপস্থিতিয়ে পৰিয়ালটোৰ মাজত সুখৰ লগতে দুখৰ এক পৰিবেশে বিৰাজ কৰে।
আনহাতে ফলাফল ঘোষণাৰ পিছতে লোকে লোকাৰন্য হৈ পৰে ছাত্ৰী গৰাকীৰ বাসগৃহ। পৰৱৰ্তী সময়ত বিদ্যালয়ৰ ছাত্র-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী, শুভাকাংখী ৰাইজে দলে-বলে বিদ্যালয়লৈ মৰমৰ ছাত্ৰী গৰাকীক আদৰি আনে। ইয়াৰ পিছতে বিদ্যালয়ৰ সভা কক্ষত এখন অভিনন্দন সভা অনুষ্ঠিত কৰে।
বিদ্যালয়ৰ প্ৰধান আচাৰ্য বিনোদ কৃষ্ণ শৰ্মাই আতঁধৰা সভা খনত কৃতী ছাত্ৰী গৰাকীৰ মাতৃ বন্তি বৰা, স্থানীয় বিধায়ক দেবানন্দ হাজৰিকা, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি বিপুল ভূঞা, প্ৰাক্তন অধ্যক্ষ গিৰিশ ভূঞা, জ্যেষ্ঠ নাগৰিক কমলানন্দ দত্ত, হৰিশ চন্দখ, নাৰায়ণপুৰ পৌৰসভাৰ সভানেত্ৰী মায়া চন্দ প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
উক্ত সভাখনতে বিভিন্ন দল-সংগঠনে কৃতীমান ছাত্ৰী গৰাকীক উষ্ম আদৰণি জনাই। ইয়াৰ পিছতে ছাত্ৰী গৰাকীক লৈ নাৰায়ণপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এক বিশাল শোভাযাত্ৰা উলিয়াই। ভবিষ্যতে এগৰাকী সু-চিকিৎসক হ'ব খোজা মেঘাশ্ৰীয়ে দৰং মহাবিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়ন কৰাৰ কথা প্ৰকাশ কৰে। যিকোনো গ্ৰন্থ অধ্যয়ন কৰি ভালপোৱা ছাত্ৰী গৰাকীৰ প্ৰিয় লেখক অনুৰাধা শৰ্মা পূজাৰী আৰু মনিকুন্তলা ভট্টাচাৰ্য্য।
আনহাতে অভিনন্দন গ্ৰহণ কৰিয়েই উচুপি উঠিছিল তেওঁৰ মাতৃ বন্তি আৰু জ্যেষ্ঠ ভগ্নী জয়শ্ৰী বৰাই। হাতত পিতৃৰ ফটো লৈ প্ৰয়াত পিতৃক স্মৰণ কৰিছিল মেঘাশ্ৰী লগতে মাতৃ আৰু জ্যেষ্ঠ কন্যাই। উল্লেখ্য যে, মেঘাশ্ৰীৰ এনে ফলাফলৰ আশা কৰিছিল পিতৃয়ে। কিন্তু কন্যাই সেই আশা পূৰণ কৰিলে যদিও সেই সুখ চাই যাব নোৱাৰিলে পিতৃয়ে।
স্বামীৰ আকস্মিক বিয়োগৰ পিছত দুই কন্যাৰে সৈতে মাতৃয়ে চলাইছে সংসাৰ। মেঘাশ্ৰীৰ জ্যেষ্ঠ ভগ্নী জয়শ্ৰী বৰা বৰ্তমান দৰং মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাষিকৰ ছাত্ৰী। জ্যেষ্ঠ ভগ্নীৰ সৈতেই মেঘাশ্ৰীয়েও নামভৰ্তি কৰিব দৰং মহাবিদ্যালয়ত।