নাৰায়ণপুৰত অসম চৰকাৰৰ তৰফৰ পৰা শ্ৰী শ্ৰী যোগদানন্দ গোস্বামী আৰু ড.সুনীল কোঠাৰীক মাধৱদেৱ বঁটা প্ৰদান…

নাৰায়ণপুৰত অসম চৰকাৰৰ তৰফৰ পৰা শ্ৰী শ্ৰী যোগদানন্দ গোস্বামী আৰু ড.সুনীল কোঠাৰীক মাধৱদেৱ বঁটা প্ৰদান…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ অসমৰ ভাষা-সাহিত্য, ধৰ্ম-সংস্কৃতিৰ প্ৰাণ প্ৰতিস্থাপক সকলৰ অন্যতম, অসমৰ নৱ বৈষ্ণৱ আন্দোলনৰ প্ৰৱক্তা,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য বঢ়াৰপো শ্ৰী শ্ৰী মাধৱদেৱৰ নামত প্ৰদান কৰি অহা বটা বহু প্ৰতিক্ষাৰ অন্তত অৱশেষত সোমবাৰে অসম চৰকাৰে সমাজ জীৱনৰ দুগৰাকী পুৰোধা ব্যক্তিক প্ৰদান কৰে ।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত নাৰায়নপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা এক বৰ্ণাঢ্য কাৰ্যসুচীত প্ৰদান কৰা হয় ২০১৬ আৰু ২০১৯ বৰ্ষৰ শ্ৰীশ্ৰী মাধৱদেৱ বঁটা । বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সাধক তথা শ্ৰীশ্ৰী মায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী যোগানন্দ চন্দ্ৰ গোস্বামীক ২০১৬ বৰ্ষৰ বাবে আৰু আন্তৰ্জাতিক খ্যাতি সম্পন্ন নৃত্যবিশাৰদ, ইতিহাসবিদ,গৱেষক আৰু নৃত্য পদ্মশ্ৰী, সংগীত নাটক অকাডেমি বটা প্ৰাপক ড: সুনীল কোঠাৰীক ২০১৯ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হয় ।

দুয়োগৰাকী বটাপ্ৰাপককে বটাৰ লগত এখন শৰাই,চেলেং,প্ৰশস্ত্ৰী পত্ৰৰ লগতে তিনি লাখ টকাৰ এখন চেক প্ৰদান কৰে । উক্ত বঁটা প্ৰদান অনুস্থানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে,শিক্ষা মন্ত্ৰী সীদ্ধাৰ্থ ভট্টাচাৰ্য,হস্ততাত বয়ন শিল্প আৰু সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ দত্ত,তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰীকা, লখিমপুৰ সমষ্টিৰ বিধায়ক উৎপল দত্ত,বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী,সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী,মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড.দিবাকৰ চন্দ্ৰ ডেকাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

যথেষ্ট ব্যয়বহুল আৰু আড়ম্বৰপূৰ্ণভৱে আয়োজন কৰা শ্ৰীশ্ৰী মাধৱদেৱ বঁটা প্ৰদানৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিক ভাৱে মুকলি কৰে সদ্য ঘোষিত মাধৱদেৱ বিশ্ববিদ্যালয় । উল্লেখ্য যে ২০০৬ চনত সদ্দিচ্ছা নামৰ এটা বে-চৰকাৰী সংস্থাই এই নাৰায়ণপুৰ খেলপথাৰতেই শুভাৰম্ভ কৰা শ্ৰীশ্ৰী মাধৱদেৱ বটা পৰৱৰ্তী ২০০৯ চনত তদানীন্তন কংগ্ৰেছ চৰকাৰে চৰকাৰীকৰণ কৰিছিল । সেহতীয়াকৈ চৰকাৰে এই বটা তিনি বছৰৰ মুৰে মুৰে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । উল্লেখ্য যে উক্ত বটা প্ৰদান অনুষ্ঠানত প্ৰতিকূল বতৰকো নেওচি কেবা সহশ্ৰাধীক লোক উপস্থিত থাকে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in