নাৰায়ণপুৰত কৃষক মুক্তিৰ নেতৃত্বত মানৱ শৃংখল…

নাৰায়ণপুৰত কৃষক মুক্তিৰ নেতৃত্বত মানৱ শৃংখল…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰত কৃষক নেতা অখিল গগৈৰ মুক্তি,কা বাতিল আৰু বৃহৎ নদী বান্ধ বন্ধৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা,অল ইন্দিয়া যুৱ ফেদাৰেচনৰ মানৱশৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ।

নাৰায়ণপুৰ নগৰৰ শ্বহীদ বেদীৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন কেইটাই । একাংশ প্ৰতিবাদকাৰীয়ে গীতৰ ভাষাৰেও প্ৰতিবাদ সাব্যস্ত কৰে । অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক,কা আমি নামানো, এন এইছ পি চি গ' বেখ,বিজেপি চৰকাৰ হুচিয়াৰ,সৰ্বানন্দ সোনোৱাল গ'বেক ধ্বনিৰে উত্তাল পৰিবেশ সৃষ্টি কৰে প্ৰতিবাদকাৰী সকলে । উক্ত প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচীত নাৰায়ণপুৰৰ অগ্ৰণী জাতীয়তাবাদী নেতা অচ্যুত শইকীয়াইও অংশগ্ৰহণ কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in