শেহতীয়া খবৰ
মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি অভিনেতা সঞ্জয় দত্ত...  •  ৰাজ্যত পুনৰ ২২১৮ জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৫৭,৭১৪জনলৈ বৃদ্ধি...  •  দৰঙত কোভিডত আক্ৰান্তৰ সংখ্যা ১৭৩০ জনলৈ বৃদ্ধি..  •  ৰাজ্যৰ আৰু এগৰাকী বিধায়ক আক্ৰান্ত কোৰোনাত...  •  সুশান্ত সিঙে কাম অভাৱত আত্মহত্যা কৰা নাছিল! মৃত্যুৰ আগদিনাও পাইছিল দুখন চিনেমাৰ অফাৰ...  •  কোভিড-১৯ঃ ৰাজ্যত পুনৰ ১৭৮২জন লোক হৈছে সুস্থ...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ৮জনৰ মৃত্যু...  •  ৫ শ্ৰেষ্ঠ ৰম্যপূৰীৰ অন্যতম পানীমূৰ-উমৰাংছুত শগুণ পৰাদি পৰিছে চূণশিল-কয়লা-বালি-শিলৰ লুন্ঠনকাৰী নেতা...  •  বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু শিলচৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ কৃত্বিত্বৰ বঁটা...  •  দেশৰ প্ৰতিটো প্ৰান্তত পাব হাইস্পিড ইন্টাৰনেট, বিএছএনএলৰ ‘BookMyFiber’ পৰ্টেল মুকলি...

নাৰায়ণপুৰত কৃষক মুক্তিৰ নেতৃত্বত ব্যতিক্ৰমী প্ৰতিবাদ…

95

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত কৃষক নেতা অখিল গগৈৰ মুক্তি,কা বাতিল আৰু বৃহৎ নদী বান্ধ বন্ধৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত এক ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । নাৰায়ণপুৰৰ ৰঙতি গাঁও পঞ্চায়ত এলেকাৰ গোসাঁনী পুখুৰী অঞ্চলত পথাৰৰ পৰাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক,কা আমি নামানো, বৃহৎ নদীবান্ধ বন্ধ কৰক,বিজেপি চৰকাৰ হুচিয়াৰ,সৰ্বানন্দ সোনোৱাল গ’বেক ধ্বনিৰে উত্তাল পৰিবেশ সৃষ্টি কৰে প্ৰতিবাদকাৰী সকলে । প্ৰতিকীৰূপত ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত শিশুৰ পৰা বৃদ্ধলৈকে অঞ্চলটোৰ শতাধিক লোকে অংশগ্ৰহণ কৰে । কাৰ্যসূচীত কৃষক মুক্তিৰ লগতে টাই আহোম ছাত্র সন্থা আৰু কৃষক শ্ৰমিক পৰিষদেও সহযোগিতা আগবঢ়ায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি