নাৰায়ণপুৰৰ বিশিষ্ট সমাজকৰ্মী খিতেশ্বৰ শইকীয়াৰ মৃত্যু…

নাৰায়ণপুৰৰ বিশিষ্ট সমাজকৰ্মী খিতেশ্বৰ শইকীয়াৰ মৃত্যু…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক কুমুদ শইকীয়াৰ পিতৃ খিতেশ্বৰ শইকীয়াৰ ৮৭ বছৰ বয়সত মঙলবাৰে পুৱা নিজ বাসগৃহত মৃত্যু হয়। অসম সাহিত্য সভাৰ আজীৱন সভ্য,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক প্ৰয়াত শইকীয়াই নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ফুলনি থানলৈ ভূমি দান কৰাৰ উপৰি ১৯৬২ চনত বদুলা প্ৰাথমিক বিদ্যালয় খন নিজৰ ভূমিতে প্ৰতিস্থা কৰি কিছুদিন প্ৰধান শিক্ষক হিচাপে স্বেচ্ছামূলক সেৱা আগবঢ়াইছিল।

অঞ্চলটোৰ বিভিন্ন অনুস্থান-প্ৰতিস্থানৰ লগত ওতঃপ্ৰোত ভাবে জড়িত নাৰায়ণপুৰ নগৰৰ ১ নং ৱাৰ্ডৰ নিবাসী প্ৰয়াত শইকীয়াৰ মৃত্যুৰ পিছতে তেওঁৰ বাসগৃহত উপস্থিত হৈ অসম সাহিত্য সভাৰ পতাকাৰে মৃতদেহ ঢাকি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নাৰায়ণপুৰ শাখা সাহিত্য সভাই।

আনহাতে, শ্ৰীশ্ৰী ফুলনি থান পৰিচালনা সমিতি, নাৰায়ণপুৰ ক্ৰীড়া সন্থা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নাৰায়ণপুৰ আঞ্চলিক শাখাৰ তৰফৰ পৰাও সমাজকৰ্মী গৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মৃত্যুৰ সময়ত প্ৰয়াত শইকীয়াই চাৰিজন পুত্ৰ সন্তানৰ লগতে বোৱাৰী, জী-জোৱাই, নাতি-নাতিনী সহ বহু আত্মীয়স্বজনক ইহসংসাৰত এৰি থৈ যায় । তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলটোৰ বিভিন্ন অনুস্থান-প্ৰতিস্থানৰ লগতে নাৰায়ণপুৰ প্ৰেছ ক্লাবেও গভীৰ শোকপ্ৰকাশ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in