দুৱাৰদলিত অসমীয়াৰ বাপতিসাহোন কাতি বিহুঃ নাৰায়ণপুৰৰ একাংশ পথাৰত নজ্বলে লখিমীক আদৰাৰ বন্তিগচি…

দুৱাৰদলিত অসমীয়াৰ বাপতিসাহোন কাতি বিহুঃ নাৰায়ণপুৰৰ একাংশ পথাৰত নজ্বলে লখিমীক আদৰাৰ বন্তিগচি…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ শুকুৰবাৰে অসমীয়াৰ বাপতি সাহোন কাতি বিহু ।অসমীয়া কৃষক ৰাইজে কাতি বিহুৰ সন্ধিয়া গেৰ ধৰা সেউজীয়া ধাননি পথাৰত এগচি বন্তিৰে আদৰিব লখিমীক । ৰাজ্যৰ ভিন্ন অঞ্চলৰ লগতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত কৃষক সকলৰ মাজতো হেপাঁহৰ লখিমীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ।

কিন্তু দুৰ্ভাগ্যজনক কথা যে আনন্দ-উছাহৰ বিপৰীতে ইয়াৰে একাংশ কৃষকৰ চকুত চকুলুহে দেখিবলৈ পোৱা গৈছে । উল্লেখ্য যে তীব্ৰ খৰাংৰ কবলত পৰি নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ৰাজগড়,ৰঙতি,ভোলাবৰি আৰু পিছলা গাঁও পঞ্চায়ত এলেকাৰ একাংশ কৃষি ভূমিত এইবাৰ ভূই ৰোৱা ন'হল এগোছাও শালি ধানৰ কঠিয়া আনহাতে একাংশ ভূমিত ভূই ৰুইছিল যদিও প্ৰখৰ ৰ'দৰ ফলত সেই বোৰ শুকাই ৰঙা পৰিবলৈ আৰম্ভ কৰিলে ।

উল্লিখিত পঞ্চায়ত কেইখনৰ বিশেষকৈ বালিপুখৰী,জুতুলিবাৰী, দোৰপাং,পুলিনাহৰণি, বালিপথাৰ, চেচাৰাজগড়,ৰামপুৰ,মিলনপুৰ,কেচেৰুগুৰী, দিহিৰী,পিছলাপাৰদ-চুক,বনগাঁও,লখিপুৰকে ধৰি বহু কেইখন গাঁৱৰ কৃষক ৰাইজে এই আপোন উদং পথাৰ খনত আদৰিব নোৱাৰিব হেপাঁহৰ লখিমীক ।

ৰোৱা বোৰ ঠন ধৰি উঠিবৰ সময়তেই পানীৰ অভাৱত ৰঙা পৰি জ্বলি গ'ল শ শ বিঘা সেউজীয়া কৃষি ভূমি । ফলত অনাকাংখিত ভবিষ্যতৰ কথা ভাবি মূৰে কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল বৃহত্তৰ অঞ্চলটোৰ এই সকল দুৰ্ভগীয়া কৃষকৰ ।

পাৰ হৈ যোৱা ঐশ্বৰ্য বিভূতিৰ গৰাকী শ্ৰীশ্ৰী লক্ষ্মী দেবীৰ পূজাতো পথাৰত পবিত্র বন্তি গচি জ্বলোৱাৰ পৰা বিৰত থাকিব লগীয়া পৰিস্থিতিৰ সন্মুখীন হয় এই সকল দুৰ্ভগীয়া কৃষক । এতিয়া প্ৰশ্ন হয় মন্ত্ৰী অতুল বৰাৰ বিয়াগোম কৃষি বিভাগে এই দুৰ্ভগীয়া কৃষক সকলৰ বাবে কিবা কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হ'বনে…!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in