চিকিৎসাৰ বাবে নাই ধন, ৫ বছৰে বিচনাতে চটফটাইছে নাৰায়ণপুৰৰ কলমা গগৈয়ে…

চিকিৎসাৰ বাবে নাই ধন, ৫ বছৰে বিচনাতে চটফটাইছে নাৰায়ণপুৰৰ কলমা গগৈয়ে…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: নাৰায়ণপুৰৰ এগৰাকী দৰিদ্ৰ লোক । নাম কমলা গগৈ । দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত বিগত ৫ বছৰ ধৰি ঘৰৰ বিচনাতে চটফতাই আছে দুৰ্ভগীয়া লোকজনে। ইতিমধ্যে স্থানীয় চিকিৎসালয়ৰ উপৰি বিশ্বনাথ চাৰিআলি আৰু ডিব্ৰুগড়ত চিকিৎসা কৰিও কোনো সুফল লাভ নকৰিলে লোকজনে ।

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ৰঙতি গাঁও পঞ্চায়ত এলেকাৰ ৩ নং নিমুৰি গাঁৱৰ এই লোকজনৰ চিকিৎসাৰ নামত ইতিমধ্যে পত্নী টুটুমনিয়ে গৰু-ছাগলীকে ধৰি ঘৰৰ সকলো সা-সম্পত্তি বিক্ৰী কৰি শেষ কৰিলে যদিও স্বামীক আৰোগ্য কৰিব নোৱাৰিলে । ঘৰখনৰ মূল উপাৰ্জনক্ষম লোকজনৰ অবিহনে একমাত্ৰ পুত্ৰ সন্তানটিক লৈ এতিয়া চৌদিশে অন্ধকাৰ দেখিছে পত্নী টুটুমনিয়ে ।

আনৰ ঘৰত দিন হাজিৰা কৰাৰ উপৰি তাঁতশালত নিজ হাতে বৈ উলিওৱা বিভিন্ন কাপোৰ বিক্ৰী কৰি উপাৰ্জন কৰা সামান্য ধনেৰে কোনোমতে পৰিয়াল পোহপাল দি আহিছে পত্নীয়ে । দুৰ্ভাগ্যজনক কথা যে একমাত্ৰ ভেঁটিতোৰ বাদে কেও কিছু নথকা পৰিয়ালটোৰ নাই এখন চৰকাৰী সূলভ মূল্যৰ ৰেচন কাৰ্ড ।

আনহাতে, দুৰ্ভগীয়া পৰিয়ালটোৱে আজিকোপতি লাভ নকৰিলে বিনামূলীয়া বিদ্যুৎ সংযোগৰ উপৰি এটা চৰকাৰী আৱাস গৃহৰ সুবিধা । অৱশেষত দুৰ্ভগীয়া পৰিয়ালটোৱে লোক জনৰ চিকিৎসাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ তথা কোনো হৃদয়বান লোকৰ সহায় বিচাৰি কাতৰ আহ্বান জনাইছে ।

দুৰ্ভগীয়া লোকজনৰ চিকিৎসাৰ বাবে পৰিয়ালটোক কিঞ্চিত সহায় কৰিব বিচাৰে তেন্তে- 60011-64443 ফোন নম্বৰত যোগাযোগ কৰাৰ উপৰি এলাহাবাদ বেংকৰ জামুগুৰিঘাট শাখাত কমলা গগৈৰ নামত থকা A/C-No-5042475597 আৰু IFSC Code-ALLA0211307ত ধন জমা কৰিব পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in