নাৰায়ণপুৰত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যু

নাৰায়ণপুৰত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যু

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ক্ৰমাগতভাৱে ভয়াবহ ৰূপ ধাৰণ কৰা জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰতো এজন লোকৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলবাসীকে আতংকিত কৰি তুলিছে। মৃত লোকজন নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোসাঁইবাৰী গাঁৱৰ উপেন চন্দ্ৰ গোহাঁই (৭৮)।

বিগত এসপ্তাহ ধৰি লোকজন ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পিছত সোমবাৰে পুৱতি নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি লয়। সৰবৰহি বয়োজ্যেষ্ঠ লোকজনৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছা পৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ আৰু তিনি গৰাকী কন্যাৰ লগতে বোৱাৰী-নাতি নাতিনীসহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়। আনহাতে শীঘ্ৰে অঞ্চলটো পৰিদৰ্শন কৰি প্ৰতিষেধকৰ ব্যৱস্থা কৰিবলৈ স্বাস্থ্য বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in