নাৰায়ণপুৰত বানৰ কালৰূপ, কুৰিখনৰো অধিক গাওঁ জলমগ্ন…

নাৰায়ণপুৰত বানৰ কালৰূপ, কুৰিখনৰো অধিক গাওঁ জলমগ্ন…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰতো বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে । যোৱা কেইদিনত হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা লুইত-সোৱণশিৰিৰ ভয়াবহ বানত ইতিমধ্যে পূৱ নাৰায়ণপুৰ, দক্ষিণ নাৰায়ণপুৰ আৰু জামুগুৰি গাঁও পঞ্চায়ত এলেকাৰ কুৰি খনৰো অধিক গাঁও জলমগ্ন হৈছে ।

বৃহত্তৰ অঞ্চলটোৰ নপমুৱা, তিনতিয়া, বৰবিল,বালিগাঁও, মাজগাঁও, বৈঠাখনা, কেৰকেৰ, স্বয়ংকেৰকেৰ, স্বয়ংপাতিৰ, বানমুখ, কংবং, টিকিৰাই, টেমেৰা ,চকি‌য়াল , অনুবৈচা, বৰআটি, চেলেক, দুঘৰীয়া, জামুগুৰি ,শিলিখাগুৰি, শালপোনা কে ধৰি বহু কেইখন ৰাজহ গাঁও আহাৰ মহীয়া বানে বুৰাই পেলাইছে । বানৰ ফলত ঘৰ-বাৰী,ভুই ৰোৱা শালিধানৰ খেতি, কঠিয়া বোৰ বুৰাই পেলোৱাৰ ফলত মুৰে-কপালে হাত দিছে অঞ্চলটোৰ কৃষক ৰাইজে ।

বানৰ ফলত পশু ধনৰ বিস্তৰ ক্ষতিসাধন হৈছে । তীব্ৰ খাদ্য সংকটত পৰিছে গৰু,ম'হ,গাহৰি, ছাগলীকে ধৰি পশুধন সমুহ । এখন টুলুঙা নাওৱেই হৈ পৰিছে এতিয়া অঞ্চলটোৰ যাতায়তৰ একমাত্ৰ মাধ্যম । প্ৰশাসনৰ তৰফৰ পৰা খাদ্য সামগ্ৰীটো দুৰৰে বৰ্তমানলৈকে বানাক্ৰান্ত ৰাইজৰ খবৰ এটা লবলৈও আহৰি নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন বানাক্ৰান্ত ৰাইজে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in