নাৰায়ণপুৰত খহনীয়াৰ পৰি পৰিত্ৰাণ বিচাৰি ভোগ-নৈবেদ্যৰে ব্ৰহ্মপুত্ৰৰ শৰণাপন্ন হ’ল ৰাইজ …

নাৰায়ণপুৰত খহনীয়াৰ পৰি পৰিত্ৰাণ বিচাৰি ভোগ-নৈবেদ্যৰে ব্ৰহ্মপুত্ৰৰ শৰণাপন্ন হ’ল ৰাইজ …

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: খহনীয়া গ্ৰস্তৰ শেষ ভৰষা নেদেখাজন। নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজ শৰণাপন্ন হৈছে ব্ৰহ্মপুত্ৰ বাবাৰ৷ ব্ৰহ্মপুত্ৰ বাবাৰ শ্ৰীচৰনত ভোগ-নৈবেদ্য আগবঢ়োৱাৰ সমান্তৰালকৈ নদীৰ পাৰত আয়োজন কৰিছে মহাযজ্ঞৰ৷ বিহপুৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ড০ অমীয় কুমাৰ ভূঞাৰ উদ্যোগত স্থানীয় ৰাইজ অৱশেষত নদীৰ পাৰত গৰাখহনীয়া ৰোধৰ বাবে শুকুৰবাৰে পুৱাৰে আৰম্ভ কৰিছে মহাযজ্ঞ ৷ ভোগ-নৈবেদ্য আগবঢ়াই পুৰোহিতে অহৰহ পাঠ কৰিছে মন্ত্ৰ । সন্তুষ্ট হ'ব লাগে বাবা ব্ৰহ্মপুত্ৰ ।

উল্লেখ্য যে, বিগত বছৰ বছৰ ধৰি অঞ্চলটোত মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰি আহিছে। ইতিমধ্যে ঘৰ-বাৰী নদীৰ বুকুত জাহ যোৱাৰ ফলত অঘৰী জীৱন যাপন কৰিব লগীয়া শ শ পৰিয়ালে । চৰকাৰ বহুত আহিল কিন্তু বনপুৰৈ-জামুগুৰিবাসী ৰাইজৰ সমস্যাৰহে পৰিৱৰ্তন নহ'ল। বিগত সময়ছোৱাত বিধায়ক ড.অমীয় কুমাৰ ভূঞাই হাতত বেলচা আৰু পাচি লৈ ৰাইজৰ সহযোগত খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলোৱাৰ লগতে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই দুবাৰকৈ আহি খহনীয়াস্থলি পৰিদৰ্শণ কৰাৰ লগতে স্থানীয় ৰাইজক খহনীয়া প্ৰতিৰোধৰ আশ্বাস দিছিল ।

মন্ত্ৰী গৰাকীৰ পৰিদৰ্শণৰ পিছতে জলসম্পদ বিভাগেও তৎপৰতাৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাই থকাৰ পিছতো আশ্বস্ত হ'ব নোৱাৰি গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি অৱশেষত স্থানীয় বিধায়ক গৰাকীৰ উদ্যোগত ৰাইজ ভোগ-নৈবেদ্যৰে মহাবাহু ব্ৰহ্মপুত্ৰ বাবাৰ ওচৰত শৰণাপন্ন হৈছে৷ ব্ৰহ্মপুত্ৰৰ পাৰত অহৰ্নিশে চলিছে পূজাৰীৰ মন্ত্ৰোচাৰণ ৷ উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোৰ ৰক্ষাকবচ স্বৰূপ জামুগুৰি-আৰিমৰা সংযোগী বৃহৎ মথাউৰিটো যদি কেনেবাকৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত সম্পূৰ্ণৰূপে জাহ যায় তেন্তে বিহপুৰীয়া সমষ্টিৰ একাংশৰ লগতে গহপুৰ সমষ্টিৰ অধিকাংশ অঞ্চল ভয়াবহ বানৰ কৱলত পৰিব ই প্ৰায় নিশ্চিত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in