শেহতীয়া খবৰ
নামতিত ঐক্য সেনা অসমৰ উত্তাল প্রতিবাদঃ বিধায়ক প্রদীপ হাজৰিকাক কেবৰ ওপৰত স্থিতি স্পষ্ট কৰাৰ দাবী, VIDEO  •  ১৪ ডিচেম্বৰত চৰ-চাপৰি সাহিত্য পৰিষদে প্ৰদান কৰিব "ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান" আৰু "শ্বহীদ ওমৰ আলী সোঁৱৰণী ভাষা সন্মান"  •  ১৪ ডিচেম্বৰত চৰ-চাপৰি সাহিত্য পৰিষদে প্ৰদান কৰিব "ইছমাইল হোছেইন (জ্যেষ্ঠ) সোঁৱৰণী সম্প্ৰীতি সন্মান" আৰু "শ্বহীদ ওমৰ আলী সোঁৱৰণী ভাষা সন্মান"  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৮ প্ৰতিবাদকাৰীক এৰি দিলে আৰক্ষীয়ে...  •  ৯ আৰু ১০ ডিচেম্বৰত কোনে কোনে দিছে অসম বন্ধ...  •  ৰাইজে কৈছেঃ কেব নালাগে, নালাগে, নালাগে, নালাগে...  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই জ্বলালে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পুত্তলিকা... VIDEO  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদঃ কি মত এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ...  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰতিবাদঃ কি মত এন ডি টি ভিৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰৰ...  •  জাতিৰ সংকটকালত অগপ ব্যস্ত ন-খোৱাতঃ ডিব্ৰুগড়ত কি হ'ল চাওঁক VIDEO

ৰাজ্যৰ শিক্ষাখণ্ডত চৰম অৰাজকতাঃ শিক্ষা বৰ্ষ শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন, শিক্ষাৰ্থীয়ে আজিও লাভ নকৰিলে ইউনিফৰ্ম, VIDEO

134

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ শিক্ষা বিভাগত চৰম অৰাজকতা। শিক্ষা বৰ্ষ শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। বিদ্যালয় সমূহৰ ছাত্র-ছাত্ৰী সকলে আজিও লাভ নকৰিলে চৰকাৰী ইউনিফৰ্ম। ইতিমধ্যে চলিত বৰ্ষৰ এপ্ৰিল-মে’ মাহতে বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক সকলৰ বেংক একাউণ্টত ছাত্র-ছাত্ৰীৰ ইউনিফৰ্মৰ নামত ধন সোমাল যদিও বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক সকলে পূৰ্বৰ দৰে সেই ধন উলিয়াই ইউনিফৰ্ম ক্ৰয় কৰি ছাত্র-ছাত্ৰী সকলক যোগান ধৰিব পৰা নাই।

কাৰণ বৰ্তমানেও শিক্ষক সকলে লাভ কৰা নাই কোনো নিৰ্দেশনা। ফলত ছাত্ৰ-ছাত্ৰী সকলৰ একাংশই পুৰণা ইউনিফৰ্মকে বিদ্যালয়লৈ পিন্ধি অহাৰ বিপৰীতে একাংশ ছাত্র-ছাত্ৰী সাধাৰণ সাজপাৰ পৰিধান কৰিয়েই বিদ্যালয়লৈ অহা যোৱা কৰি আহিছে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এই টোগলগী কৰ্ম-কাণ্ডই বিদ্যালয় সমূহৰ শিক্ষক সকলক চিন্তিত কৰি তোলাৰ লগতে ই চৰম দুৰ্ভাগ্যজনক হিচাপে অভিহিত কৰিছে।

এতিয়া প্ৰশ্ন হয় ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগত আমূল পৰিবৰ্তন হোৱা বুলি সভাই-সমিতিয়ে দম্ভালি মাৰি অহা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই ক্ষেত্ৰত কিবা পদক্ষেপ গ্ৰহণ কৰিব নে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি