নাৰায়ণপুৰৰ দিপালীৰ জীৱন সংগ্ৰামঃ ৩০ বিঘা আধি মাটিত অকলেই কৰিছে শালিধানৰ খেতি…VIDEO

নাৰায়ণপুৰৰ দিপালীৰ জীৱন সংগ্ৰামঃ ৩০ বিঘা আধি মাটিত অকলেই কৰিছে শালিধানৰ খেতি…VIDEO

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এগৰাকী দৃঢ়মনা মহিলা । নাম দিপালী বসুমতাৰী । এজন চফল ডেকাৰ দৰে কাম-কাজ তেওঁৰ । যি সময়ত কৰ্ম সংস্থাপন বিছাৰি বহিৰাজ্যলৈ ঢাপলি মেলিছে অসমৰ শ-শ যুৱক-যুৱতী ঠিক সেই সময়তে এই গৰাকী মহিলাই বাৰিষাৰ পথাৰত অব্যাহত ৰাখিছে জীয়াই থকাৰ সংগ্ৰাম ।

আন দহ জনৰ বাবে আদৰ্শ হৈ পৰা মহিলা গৰাকীয়ে বছৰ বছৰ ধৰি আনৰ মাটি আধিলৈ লৈ অকলে কৰি আহিছে বিঘাই বিঘাই শালি ধানৰ খেতি । কঠোৰ শ্ৰমৰ মাজেৰে জীয়াই থকাৰ সপোন দেখা দিপালী বসুমতাৰীৰ জীবিকা হ'ল কৃষি । এইবাৰ মহিলা গৰাকীয়ে অঞ্চলটোৰ ৫ টা পৰিয়ালৰ পৰা আধিলৈ লোৱা ৩০ বিঘা মাটিত কৰিছে শালিধানৰ খেতি । হাল খন ট্ৰেক্টৰেৰে বোৱাৰ বিপৰীতে কঠিয়া তোলা,কঠিয়া কহিওৱা, কোৰ মৰা,ভূই ৰোৱা সকলো কাম তেওঁ নিজে কৰে ।

কোনো দিন দুখ-ভাগৰ অনুভৱ নকৰা মহিলা গৰাকীৰ এই জীৱন সংগ্ৰামক লৈ কেতিয়াবা চুবুৰীয়াৰ ওচৰত হাঁহিয়াতৰ পাত্ৰও হ'ব লগা হৈছে । তথাপিও খেদ নাই স্বপ্ৰতিভ মহিলা গৰাকীৰ । সমাজৰ সকলো বাধা-বিঘিনি ওফৰাই নিজৰ কৰ্মত আগুৱাই গৈছে তেওঁ । আজিৰ দিনত পুৰুষে কৰিব নোৱাৰা কাম কৰি দেখুৱাইছে তেওঁ । কেৱল খেতি কৰাই নহয় খেতি চপোৱাৰ সময়তো ধান দোৱা,ডাঙৰী বন্ধা,মৰনা মৰা,ওখোন দিয়া আদি সকলো কামেই কৰে মহিলা গৰাকীয়ে । কৃষি কৰ্মৰ উপৰিও ঘৰ বনোৱা,খৰি ফলা আদি কামো কৰে তেওঁ ।

এই ভিডিঅতে অনুভৱ কৰিব তেওঁৰ জীৱন সংগ্ৰামঃ

দৃঢ়মনা মহিলা গৰাকীৰ দাবী- মই কৰ্ম কৰি খাইছো,মই মাগি খোৱা নাই । উল্লেখ্য যে ১২ বছৰ পূৰ্বে স্বামীহাৰা হোৱা তিনিটা সন্তানৰ মাতৃ স্থানীয় মাজৰচাপৰি দেউৰী গাঁৱৰ বাসিন্দা মহিলা গৰাকীৰ এগৰাকী কন্যা বিয়া দিয়াৰ পিছত একমাত্ৰ পুত্ৰয়ো বিয়া পাতি পৃথকে থাকিবলৈ লয় । পৰিনতিত বিগত ৭ বছৰ ধৰি অষ্টম শ্ৰেণীত অধ্যয়নৰত একমাত্ৰ কন্যা সন্তানটিক বুকুত সাৱটি লৈ এনেদৰে জীয়াই থকাৰ সংগ্ৰাম কৰি আহিছে দুৰ্ভগীয়া মহিলা গৰাকীয়ে ।

বিভিন্ন সমস্যাৰে জৰ্জৰিত মহিলা গৰাকীয়ে আজিকোপতি লাভ নকৰিলে কোনো ধৰণৰ চৰকাৰী সা-সুবিধা । অনাময় আচনি,খোৱা পানী,বিদ্যুৎ,ৰন্ধন গেছ,বিধবা পেঞ্চনকে ধৰি চৰকাৰী সকলো সুবিধাৰ পৰা বঞ্চিত তেওঁ । একমাত্ৰ ঘৰৰ ভেটিটোৰ বাহিৰে কেওকিছু নথকা মহিলা গৰাকীয়ে লাভ কৰা নাই কৃষি বিভাগৰ কোনো এখন আচনিৰ সুবিধাও ।

এতিয়া প্ৰশ্ন হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰ খনে গ্ৰহণ কৰা মহিলা সবলিকৰণৰ ক্ষেত্ৰত বিভিন্ন অভিলাসী আচনিৰ লগতে মন্ত্ৰী অতুল বৰাৰ বিয়াগোম কৃষি বিভাগৰ সা-সুবিধা সমুহ লাভ কৰিবলৈ সক্ষম হ'ব নে এই গৰাকী দুৰ্ভগীয়া মহিলাই?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in