শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগে স্পৰ্শ কৰিলে ৫০০ বছৰীয়া জয়ন্তী বৰ্ষঃ শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচী..

শংকৰ-মাধৱৰ মণিকাঞ্চন সংযোগে স্পৰ্শ কৰিলে ৫০০ বছৰীয়া জয়ন্তী বৰ্ষঃ শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰত বৰ্ণাঢ্য কাৰ্যসূচী..

নাৰায়ণপুৰ ডিজিটেল সংবাদঃ মহাপুৰুষ শ্ৰীমন্ত শংৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ মনিকাঞ্চন সংযোগৰ ৪৯৯ সংখ্যক দিৱস মঙ্গলবাৰে বৰ্নাঢ্য কাৰ্যসূচীৰে সংযোগস্থলি নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰত উদযাপন কৰা হয় । ১৫২২ চনৰ আহিন মাহৰ শুক্লা সপ্তমী তিথিত মহাপুৰুষ শ্ৰীমন্ত শংৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ ঐতিহাসিক মনিকাঞ্চন মিলনে অসমীয়া ভাষা-কৃষ্টি, সাহিত্য-সংস্কৃতি আৰু ধৰ্ম তথা তথা সামাজিক ক্ষেত্ৰখনলৈ বৈপ্লৱিক চিন্তা-চেতনা আৰু পৰিৱৰ্তনৰ অমৃত নদী বোৱাই আনিছিল ।

মঙ্গলবাৰে দুয়োগৰাকী মহাপুৰুষৰ মনিকাঞ্চন মিলনে ৫০০ বছৰীয়া জয়ন্তী বৰ্ষ স্পৰ্শ কৰিলে । কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত উষা কীৰ্ত্তনৰ পিছতে ধৰ্মীয় পতাকা উত্তোলন কৰে সত্ৰাধিকাৰ শ্ৰীশ্ৰী মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে আৰ গছপুলি ৰোপণ কৰে শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ দীপজ্যোতি মহন্তই ।

ইয়াৰ পিছতে বৰবায়ন প্ৰভাত কাকতিৰ পৰিচালনাত উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিহপুৰীয়া-নাৰায়ণপুৰ জিলা শাখাৰ সভাপতি গোলাপ বৰুৱাই । দিনৰ ১১ বজাৰ পৰা সত্ৰৰ কীৰ্ত্তন ঘৰত নাম প্ৰসংগ আৰু প্ৰসাদ বিতৰণৰ পিছতে ১২ বজাৰ পৰা সত্ৰাধিকাৰ শ্ৰীশ্ৰী মুনীন্দ্ৰ নাৰায়ণ গোস্বামীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ।

বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ অমূল্য হাজৰিকাই উদ্বোধন কৰা মুকলি সভাখনত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমীয় কুমাৰ ভূঞাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰাৰ বিপৰীতে বিশিষ্ট শিক্ষাবিদ গিৰীশ ভূঞাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে।

মনিকাঞ্চন প্ৰকল্পৰ আহ্বায়ক চন্দ্ৰ হাজৰিকাই আঁতধৰা সভাখনত বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰা আৰু শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সোণাৰাম কলিতাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ বিপৰীতে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ বিষ্ণু কুমাৰ দেউৰী, শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক কমলানন্দ দত্ত,নাৰায়ণপুৰ গেছ এজেঞ্চীৰ স্বত্বাধিকাৰ বিপুল নাৰায়ণ ভূঞাই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in