অব্যাহত গৰুৰ অবৈধ চিণ্ডিকেটঃ নাৰায়ণপুৰৰ ধলপুৰত জব্দ ৩খনকৈ অবৈধ গৰুভৰ্ত্তি ট্ৰাক…

অব্যাহত গৰুৰ অবৈধ চিণ্ডিকেটঃ নাৰায়ণপুৰৰ ধলপুৰত জব্দ ৩খনকৈ অবৈধ গৰুভৰ্ত্তি ট্ৰাক…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ চিণ্ডিকেট ৷ নিশাৰ সান্ধ্য আইনৰ সুযোগ লৈ ৰাজ্যৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ লখিমপুৰ আৰু ধেমাজী জিলাৰ পৰাও আৰক্ষীৰ চকুৰ সন্মুখেৰে দৈনিক সৰবৰাহ হয় শ শ গৰু ভৰ্তি ট্ৰাক ৷

আৰক্ষীক হাজাৰ হাজাৰ টকা দি মেনেজ কৰি আহিছে গৰু মাফিয়াই । আজি পুৱতি নিশা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰ আৰক্ষীয়ে জব্দ কৰে তিনিখনকৈ গৰু ভৰ্তি ট্ৰাক । তিনিখন ট্ৰাকত কঢ়িয়াই অনা হৈছিল শতাধিক অবৈধ গৰু ৷ AS-01- LC- 8545 , AS-01-LC-8788 আৰু AS-01-CC-6391 নম্বৰৰ তিনিখন ট্ৰাকত নাওবৈছাৰ দলহাট অঞ্চলৰ পৰা দৰং জিলাৰ খাৰুপেটীয়া অভিমুখে কঢ়িয়াই আনিছিল গৰুভৰ্ত্তি ট্ৰাক কেইখন ৷

তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে নাওবৈছাৰ পৰা ধলপুৰ পাওঁতে লালুকত তহলদাৰী আৰক্ষীয়ে পাচ হাজাৰ টকা উৎকোচ লোৱাৰ বিপৰীতে নাৰায়ণপুৰত ৪ হাজাৰ টকা লৈ আৰক্ষীয়ে পাৰ কৰি দিছিল গৰু ভৰ্ত্তি ট্ৰাক কেইখন ৷ ইয়াৰ মাজতে বান্দৰদেৱাত তহলদাৰি আৰক্ষীয়ে গাড়ীকেইখন ৰখাবলৈ চিগনেল দিছিল যদিও ড্ৰাইভাৰে নাৰাখি পাৰ কৰি লৈ আহিল ৷

গৰু ভৰ্তি গাড়ীকেইখনৰ ড্ৰাইভাৰে জনোৱা মতে ধলপুৰ আৰক্ষীয়ে তিনিওখন গাড়ীৰ পৰা দুই লাখ টকা বিচাৰিছিল যদিও এই টকা দিবলৈ অমান্তি হোৱাত গৰু ভৰ্তি গাড়ী তিনিখন এই পযন্ত ধৰি ৰাখিছে আৰক্ষীয়ে । উল্লেখ্য যে নাওবৈছাৰ পৰা লকডাউনৰ মাজতো প্ৰতি নিশা সৰবৰাহ হৈ আহিছে চোৰাং গৰু ভৰ্ত্তি ট্ৰাক ৷

আৰক্ষীৰে থকা গোপন বুজাবুজিত এনেদৰে সৰবৰাহ হৈ আহিছে চোৰাং গৰুভৰ্ত্তি ট্ৰাক ৷ বিচৰা ধন নিদিলেই আৰক্ষীয়ে জব্দ কৰি গৰু বেপাৰীৰে বুজাবুজি কৰি আৰক্ষীয়ে এৰি দিয়ে গৰু ভৰ্তি ট্ৰাকসমুহ ৷ ইতিমধ্যে মালিক জাইদুল ইছলাম,মহিদুল ইছলাম আৰু জয়ন্ত বৰাই ধলপুৰ আৰক্ষীৰ লগত বুজাবুজি অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে সফল হ'ব পৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in