নাৰী শক্তি জিন্দাবাদঃ চাইকেল মেৰামতিৰে স্বাৱলম্বী নাৰায়ণপুৰৰ দীপামনি…

নাৰী শক্তি জিন্দাবাদঃ চাইকেল মেৰামতিৰে স্বাৱলম্বী নাৰায়ণপুৰৰ দীপামনি…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: এগৰাকী নাৰীৰ থাকে অজস্ৰ শক্তি ৷ যি শক্তিয়েই অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে ৷ পুৰুষে কৰিব নোৱাৰা বহু কাম কৰিবলৈও সক্ষম হয় এগৰাকী নাৰীয়ে । সংস্থাপনহীনতাৰ বিপৰীতে নিজ কৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এগৰাকী সাহসী মহিলা ৷

নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ৰাজগড় গাঁও পঞ্চায়ত এলেকাৰ ৰামপুৰৰ এগৰাকী মহিলাই চাইকেল মেৰামতি কৰি স্বাৱলম্বী হোৱাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে । দিপামনি বৰুৱা নামৰ মহিলাগৰাকীয়ে নিজৰ ঘৰৰ সমুখতে এবছৰৰ পূৰ্বে এখন চাইকেল মেৰামতিৰ দোকান আৰম্ভ কৰি মুকলি কৰে কৰ্ম সংস্থাপনৰ বাট ।

বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ এই চাইকেল মেৰামতিৰ দোকানখনতে সকলোৱে মেৰামতি কৰে নিজৰ চাইকেল খন । আনহাতে পত্নীৰ দোকানখনৰ কাষতে স্বামী গজিপ বৰুৱাৰ আছে এখন গেলামালৰ দোকান । দুই কন্যা সন্তানৰ পিতৃ-মাতৃ এই দম্পতীদ্বয় এতিয়া হৈ পৰিছে সমগ্ৰ অঞ্চলটোৰ বাবে আদৰ্শস্বৰূপ ।

যি সময়ত অসমৰ শ শ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন বিচাৰি বহি:ৰাজ্যলৈ ঢাপলি মেলিছে । যি সময়ত চ'ছিয়েল মেডিয়া অথবা বিভিন্ন মাধ্যমত সৰৱ চৰ্চা চলিছে বজাৰ আৰু পথাৰ দখলৰ কথা ঠিক সেই সময়তে কথাৰে নহয় কামেৰে নিজৰ পৰিচয় দাঙি ধৰিছে এইগৰাকী সাহসী মহিলাই ।

কিন্তু দুৰ্ভাগ্যজনক কথা যে পথাৰ আৰু বজাৰ দখলৰ শ্লোগানেৰে আগবাঢ়িব খোজা এই দম্পতী হালে আজিকোপতি লাভ নকৰিলে কোনো ধৰণৰ চৰকাৰী সা-সুবিধা ৷ পুৰুষৰ সমানে সমানে খোজ দিয়া এইগৰাকী মহিলা এতিয়া হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু ৷

এতিয়া প্ৰশ্ন হয় বিজ্ঞাপনতেহে সীমাৱদ্ধ হৈ আছে নেকি পৰিৱৰ্তনৰ শ্লোগানেৰে ক্ষমতা দখল কৰা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰ খনৰ মহিলা সৱলীকৰণৰ দৰে অভিলাষী আঁচনি সমুহ । তেনেধৰণৰ অভিলাষী আঁচনিৰ আওতাত সোমাবনে কেতিয়াবা দিপামনি বৰুৱাৰ দৰে মহিলা সকল ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in