নাৰায়ণপুৰৰ ধলপুৰত কংগ্ৰেছৰ জোৰ সমদল…

নাৰায়ণপুৰৰ ধলপুৰত কংগ্ৰেছৰ জোৰ সমদল…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰত কংগ্ৰেছৰ জোৰ সমদল। পঞ্চায়তত সংঘটিত হোৱা দুৰ্নীতি আৰু জন বিৰোধী কৃষি আইন বাতিলৰ দাবীত ধলপুৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত আৰু নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ সহযোগত এই জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে ।

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক ভূপেন কুমাৰ বৰাইও অংশগ্ৰহণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসুচীত কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে । প্ৰতিবাদকাৰী সকলে বিজেপি গ' বেক,নৰেন্দ্ৰ মোদি হায় হায়,সৰ্বানন্দ সোনোৱাল গ'বেক,হিমন্ত বিশ্ব শৰ্মা গ'বেক,দেবানন্দ হাজৰিকা গ'বেক,পঞ্চায়তৰ দুৰ্নীতি বন্ধ কৰক,কৃষক বিৰোধী আইন বাতিল কৰক আদি শ্লোগানেৰে সমগ্ৰ অঞ্চলটোৰ পৰিবেশ উত্তাল কৰি তোলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in