নাৰায়ণপুৰত খহনীয়াৰ কৱলত পকী দলং…

নাৰায়ণপুৰত খহনীয়াৰ কৱলত পকী দলং…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: এখন বিধ্বস্ত পকী দলঙে ভয়ংকৰ বিপদ মাটি আনিছে নাৰায়ণপুৰৰ এটা অঞ্চলৰ জনতাক। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী ৰাজগড় গাঁও পঞ্চায়ত এলেকাৰ ৰামপুৰ চাৰিআলিৰ পৰা চুনাজুলী চক সংযোগী এই গুৰুত্বপূৰ্ণ পথটোৰ চুনাজুলী নদীৰ ওপৰত থকা কোটি টকীয়া পকী দলং খনৰ এটা মূৰ বিগত বাৰিষাৰ ভয়াবহ বানে উটুৱাই নিয়াৰ পিছত আজিকোপতি পুনৰনিৰ্মাণৰ ব্যৱস্থা নকৰিলে ৷

ফলত বৃহত্তৰ অঞ্চলটোৰ স্কুলীয়া ছাত্র-ছাত্ৰীকে ধৰি সাধাৰণ পথচাৰি লৈকে সকলো লোকেই তীব্ৰ ভয় আৰু আশংকাৰে যাতায়াত অব্যাহত ৰাখিব লগা হৈছে। পথটিৰে ১০৮ এম্বুলেঞ্চৰ লগতে অন্যান্য গধুৰ যান-বাহন চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰাত অঞ্চলটোৰ লোক সকলে ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। ৰাইজৰ দাবী উক্ত চিঙা অংশত বিগত সময়চোৱাত বহুকেইটা সৰু বৰ দুৰ্ঘটনাও সংঘটিত হৈছে ৷

বিভাগীয় কৰ্তৃপক্ষক অঞ্চলটোৰ ৰাইজে পথচোৱা পুনৰ নিৰ্মাণৰ বাবে বহুবাৰ আবেদন-নিবেদন জনাই আহিছে যদিও কোনো সুফল লাভ নকৰিলে৷ অঞ্চলবাসীৰ আবেদন-নিবেদনৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াত ৰাইজ ক্ষুদ্ধ হৈ পৰিছে৷ জনপ্ৰতিনিধিৰ অৰ্কমণ্যতা আৰু দায়িত্বহীনতাৰ বাবেই সোমবাৰে ৰাইজে পথচোৱাক লৈ দুৰ্ভোগ ভুগিবলগীয়া হৈছে। শীঘ্ৰে এই গুৰুত্বপূৰ্ণ পথটি মেৰামতি কৰি যাতায়াতৰ ক্ষেত্ৰত সুচল কৰি তুলিবৰ বাবে অঞ্চলটোৰ ৰাইজে দাবী জনাইছে ৷।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in