নাৰায়ণপুৰৰ ছাত্ৰী স্নিগ্ধাৰাণীৰ ‘কৃষ্ণাৰ্জুন সংবাদ’ শীৰ্ষক গ্ৰন্থ উন্মোচন…

নাৰায়ণপুৰৰ ছাত্ৰী স্নিগ্ধাৰাণীৰ ‘কৃষ্ণাৰ্জুন সংবাদ’ শীৰ্ষক গ্ৰন্থ উন্মোচন…

ডিজিটেল সংবাদ নাৰায়ণপুৰ: সাহিত্য আৰু শিল্পকলাৰ ক্ষেত্ৰখনৰ লগত শৈশৱৰে পৰা জড়িত হৈ অহা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ স্নিগ্ধাৰাণী বৰাই শেহতীয়াকৈ লিখি উলিয়াইছে 'কৃষ্ণাৰ্জুন সংবাদ' শীৰ্ষক এখনি গ্ৰন্থ ৷ আধ্যাত্মিক দৰ্শনৰ ভিত্তিত লিখি উলিওৱা গ্ৰন্থখন নাৰায়ণপুৰৰ চৰাইদলনিস্থীত লেখিকা গৰাকীৰ বাসগৃহত শুভ উন্মোচন কৰা হয় ৷

তেজেন বৰা আৰু ৰুণুকুমাৰী বৰাৰ সুযোগ্য সন্তান তথা ইংৰাজীক সন্মানীয় বিষয় হিচাপে লৈ স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি থকা স্নিগ্ধাৰাণীয়ে অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অৱদান 'কৃষ্ণাৰ্জুন সংবাদ' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বোধেশ্বৰ শইকীয়াই ৷

কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক প্ৰদীপ গোস্বামীৰ সভাপতিত্ব অনুষ্ঠিত উন্মোচনী সভাখন শংকৰদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষা অমি শইকীয়া বৰাই বন্তী প্ৰজ্বলনৰে শুভাৰম্ভ কৰে৷ উত্তৰ-পশ্চিম নাৰায়ণপুৰ শাখা সাহিত্য সভাৰ সম্পাদক ঘন হাজৰিকাই আঁতধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰোষেশ্বৰ বৰা,নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজেন বৰা,মিলনজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱ কুমাৰ মহন্ত প্ৰমূখ্যে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in