শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত ৰাসোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ, খোল-তালৰ ধ্বনিত মুখৰিত চৌদিশ

শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত ৰাসোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ, খোল-তালৰ ধ্বনিত মুখৰিত চৌদিশ

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰই পৰম্পৰাগতভাৱে উদযাপন কৰি অহা ৰাসোৎসৱে গৌৰৱোজ্জ্বল হীৰকজয়ন্তী বৰ্ষত উপনীত হোৱাৰ উপলক্ষে বুধবাৰৰ পৰা শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰৰ প্ৰাঙ্গণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰিছে।

কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱাৰ ভাগত পৰিবেশ নিকাকৰণৰ পিছতে মুখ্যৰোপক বৃক্ষবন্ধু লীলা হাজৰিকাৰ তত্বাৱধানত অঞ্চলটোৰ বয়োজ্যেষ্ঠসকলে সত্ৰৰ চৌহদত হীৰক জয়ন্তী স্মাৰক ৭৫টা গছপুলি ৰোপন কৰে। ইয়াৰ পিছতে বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা ৭৫খন পতাকা উত্তোলন কৰা হয়। কৃষ্টি কেন্দ্ৰৰ পতাকা উত্তোলন কৰে বদলা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে আৰু হীৰক জয়ন্তীৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি হৰিশ চন্দকে আৰু স্মৃতি তৰ্পণ কৰে বিশিষ্ট সত্ৰীয়া শিল্পী লোকেশ্বৰ পাঠকে।

১০ বজাত ৭৫গৰাকী আয়তীৰ দ্বাৰা মাংগলিক জল আৰোহণ আৰু সাংস্কৃতিক সমন্বয় যাত্ৰা কাৰ্যসূচীৰ উদ্বোধন কৰে স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাই। সন্ধিয়া ৭৫গছি বন্তি প্ৰজ্বলন কাৰ্যসূচীত মুখ্য প্ৰজ্বলক হিচাপে সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামী আৰু প্ৰজ্বলক হিচাপে বুঢ়াভকত পুতুল কলিতাই অংশগ্ৰহণ কৰে।

হীৰক জয়ন্তী বৰ্ষৰ প্ৰথম দিনৰ ৰাসোৎসৱৰ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্ৰবীণ শইকীয়াই। দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পৰিবেশ নিকাকৰণ, শিল্পী সম্বৰ্দ্ধনা অনুষ্ঠানৰ পিছতে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি যোগেন্দ্ৰ নাথ শইকীয়াৰ সঞ্চালনাত আমন্ত্ৰিত দলৰ মাজত অনুষ্ঠিত দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰিব অবসৰপ্ৰাপ্ত শিক্ষক জীৱন ভূঞাই। সন্ধিয়া ৭৫গছি বন্তি প্ৰজ্বলন কাৰ্যসূচীত মুখ্য প্ৰজ্বলক হিচাপে অংশগ্ৰহণ কৰিব সমাজকৰ্মী সোণাৰাম শইকীয়াই। ৭বজাত দ্বিতীয় দিনৰ ৰাসোৎসৱৰ উদ্বোধন কৰিব সমাজকৰ্মী অচ্যুত শইকীয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in