নাৰায়ণপুৰত বিজেপি নেতাৰ বিৰুদ্ধে PMAY গৃহ আৱন্টনৰ নামত ধন সংগ্ৰহৰ অভিযোগ…VIDEO

নাৰায়ণপুৰত বিজেপি নেতাৰ বিৰুদ্ধে PMAY গৃহ আৱন্টনৰ নামত ধন সংগ্ৰহৰ অভিযোগ…VIDEO

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: বুমেৰাঙত পৰিনত হৈছে বিজেপি দল আৰু চৰকাৰৰ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতি । সমাজৰ পৰা দুৰ্নীতিক পুলিয়ে-পোখাই উচ্ছেদ কৰা হ'ব বুলি সভাই-সমিতিয়ে কৈ অহা বিজেপি দলৰ একাংশ নেতা-পালিনেতাৰ বিৰোদ্ধেই এতিয়া উথ্বাপিত হৈছে দৰিদ্ৰ হিতাধীকাৰীৰ ধন আত্মসাতৰ দৰে গুৰুতৰ অভিযোগ ।

উত্থাপিত অভিযোগ অনুসৰি নাৰায়ণপুৰৰ দুই বিজেপি নেতা বৰপথাৰৰ মুকুল হাজৰিকা আৰু মেৰমুখৰ ৰূপম বৰাই একাংশ দৰিদ্ৰ পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত প্ৰতিজনৰ পৰা ৫ হাজাৰকৈ টকা সংগ্ৰহ কৰে । কিন্তু আজি দুই-তিনি বছৰ ধৰি চৰকাৰী ঘৰ আৱন্টন নোহোৱাত চিন্তিত হৈ পৰিছে দৰিদ্ৰ পৰিয়াল কেইটা ।

অভিযুক্ত বিজেপি নেতা কেইজনৰ ওচৰলৈ গ'লে আপোনালোকৰ ঘৰ আহিব নহয় আপোনালোকে কি কিয় চিন্তা বুলি কৈয়েই দায়িত্ব সামৰে তেজপুৰ লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মাৰ অতি ঘনিষ্ঠ বিজেপি নেতাদ্বয়ে । উল্লেখ্য যে, নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৱ নাৰায়ণপুৰ আৰু দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়ত এলেকাৰ কনচেং ফুকন,পুটুল শইকীয়া,জীৱন গগৈ, বিমল গগৈ,প্ৰবিন শইকীয়া,আমেৰিকা দলেকে ধৰি দহগৰাকী দৰিদ্ৰ লোকৰ পৰা নগত ৫ হাজাৰ টকাকৈ পি,এম,এ,ৱাই গৃহ আৱন্টন দিয়াৰ নামত সংগ্ৰহ কৰিছিল বিজেপি নেতা দ্বয়ে ।

ক্ষুদ্ৰ ব্যৱসায়,দিন হাজিৰা,গাহৰি,হাঁহ-কুকুৰা পালনেৰে কোনোমতে পৰিয়াল পোহপাল দি অহা দুৰ্ভগীয়া পৰিয়াল কেইটাই অৱশেষত পি,এম,এ,ৱাই গৃহৰ আশা বাদ দি কষ্টৰ ধন কেইটা ওভতাই বিছাৰিছে । আনহাতে দুয়োজন বিজেপি নেতাৰ বিৰোদ্ধে শাস্তিমুলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলীয় নেতৃত্বৰ ওচৰত দাবী জনাইছে । এতিয়া প্ৰশ্ন হয় দৰিদ্ৰ লোকৰ ধন আত্মসাৎকাৰী এই দুজন নেতাৰ বিৰোদ্ধে বিজেপি নেতৃত্বই কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰবলৈ সক্ষম হ'বনে?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in