সত্ৰাধিকাৰক অপদস্থ কৰি প্ৰৱল প্ৰতিবাদৰ অন্তত অৱশেষত ক্ষমা খুজিলে বিজেপি নেতাই…

সত্ৰাধিকাৰক অপদস্থ কৰি প্ৰৱল প্ৰতিবাদৰ অন্তত  অৱশেষত ক্ষমা খুজিলে বিজেপি নেতাই…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মনিকাঞ্চন সংযোগ স্থলী নাৰায়ণপুৰৰ শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰী সত্ৰৰ সত্ৰাধিকাৰ গৰাকীক অপদস্থ কৰাক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া ।

বিজেপিৰ নাৰায়ণপুৰ জিলা পৰিষদ সদস্য ভাস্কৰ হাজৰিকাই একাংশ বিজেপি নেতা-কৰ্মীক লগত লৈ সত্ৰাধিকাৰ গৰাকীক অপদস্থ কৰাক কেন্দ্ৰ কৰি আজি সত্ৰ খনৰৰ মুল প্ৰবেশ দ্বাৰৰ সমুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ ।

নাৰায়ণপুৰ আৰু পিছলা মণ্ডল কংগ্ৰেছৰ যৌথ উদ্যোগত ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত একাংশ দলীয় সাংগোপাংগক লগত লৈ গুণ্ডাগিৰিৰে সত্ৰাধিকাৰ গৰাকীক দুব্যৱহাৰ কৰা কাৰ্যক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকা আৰু জিলা পৰিসদ সদস্য ভাস্কৰ হাজৰিকাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে ।

উল্লেখ্য যে সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীয়ে উক্ত ঘটনা সন্দৰ্ভত দিয়া গোচৰৰ ভিত্তিত নাৰায়ণপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ইফালে সত্ৰাধিকাৰ গৰাকীক অপদস্থ কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰিছে লখিমপুৰ জিলা ছাত্ৰ সন্থাই । জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ধনমনী দত্তৰ নেতৃত্বত এটা দলে সত্ৰ খনত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে সত্ৰাধিকাৰ গৰাকীৰো খবৰ লয় ।

ক্ষমতাত বলিয়ান হৈ বিজেপিৰ একাংশ নেতা পালিনেতাই এতিয়া গুৰু গোসাই নমনা হৈছে বুলি উল্লেখ কৰি ছাত্র সন্থাই বিজেপিৰ গুণ্ডাগিৰি সহ্য কৰা নহ'ব বুলি হুংকাৰ দিয়ে । আৰু ভবিষ্যতে এনে দুস্কাৰ্যৰ পৰা বিৰত থাকিবলৈ ভাস্কৰ হাজৰিকাৰ লগতে দলীয় নেতা-পালিনেতা সকলক সকীয়াই দিয়ে আছু নেতৃত্বই ।

আনহাতে উক্ত ঘটনাক কেন্দ্ৰ কৰি পৰিবেশ উত্তাল হৈ থকাৰ সময়তে অভিযুক্ত জিলা পৰিষদ সদস্য ভাস্কৰ হাজৰিকাই কেইজনমান বিজেপি নেতা-কৰ্মীক লগত লৈ সত্ৰ খনত উপস্থিত হয় আৰু সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীৰ ওচৰত আঠু লৈ ক্ষমা ভিক্ষা বিছাৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in