অগপক প্ৰত্যাহ্বান জনাই নাৰায়ণপুৰত এজেপিৰ বিশাল সভা…

অগপক প্ৰত্যাহ্বান জনাই নাৰায়ণপুৰত এজেপিৰ বিশাল সভা…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: অসম গণ পৰিষদক তীব্ৰ প্ৰত্যাহ্বান জনাই নাৰায়ণপুৰত শনিবাৰে অসম জাতীয় পৰিষদে অনুস্থিত কৰিলে এখন অভিবৰ্তন। নাৰায়ণপুৰৰ সমীপৰ জৰাবাৰিস্থিত জ্যোতি সংগমৰ প্ৰেক্ষাগৃহত বিহপুৰীয়া সমষ্টি ভিত্তিত অনুস্থিত কৰা অভিবৰ্তন খনত সভাপতিত্ব কৰে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক গোলাপ শইকীয়াই ।

দলটোৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অচ্যুত শইকীয়াই আদৰণি ভাষন প্ৰদান কৰা সভাখনতে কংগ্ৰেছ,বিজেপি,অগপকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ পৰা অহা শতাধিক নেতা-কৰ্মীয়ে অসম জাতীয় পৰিষদত আনুষ্ঠানিক ভাৱে যোগদান কৰে । অসম গণ পৰিষদ দলৰ এসময়ৰ দুৰ্গ হিচাপে পৰিচিত বিহপুৰীয়া সমষ্টিত ইতিমধ্যে গঠন কৰা সমষ্টিটোৰ ২০ খন আঞ্চলিক সমিতিয়ে অংশগ্ৰহণ কৰা সভাখনত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি হৰেন চুতীয়াইও অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে ।

বিহপুৰীয়া সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক সমৰ্থকে অংশগ্ৰহণ কৰা সভাখনতে দলটোৰ বিহপুৰীয়া সমষ্টি সমিতি আৰু জাতীয় মহিলা শক্তিৰ পূৰ্ণাংগ সমিতি দুখনো গঠন কৰা হয় । আনহাতে শনিবাৰে অনুস্থিত অসম জাতীয় পৰিষদৰ সভাখনে বিহপুৰীয়া সমষ্টিত অসম গণ পৰিষদ দলৰ ভেঁটিত যে কপনি তুলিব ই একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in