নাৰায়ণপুৰত তিনি মিচিং জাতীয় সংগঠনৰ উত্তাল প্ৰতিবাদ

নাৰায়ণপুৰত তিনি মিচিং জাতীয় সংগঠনৰ উত্তাল প্ৰতিবাদ
  • নাৰায়ণপুৰ তিনি মিচিং জাতীয় সংগঠনৰ উত্তাল প্ৰতিবাদ।
  • নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সন্মুখত প্ৰতিবাদ সাব্যস্ত সংগঠন কেইটাৰ৷
  • টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ নেতা-কমীৰ উত্তাল প্ৰতিবাদ৷
  • বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰক, বৃহৎ নদীবান্ধ বন্ধ কৰক, মিচিং লোকসকলক সাংবিধানিক মৰ্যদা প্ৰদান কৰক, মিচিং সকলক শীঘ্ৰে ষষ্ঠ অনুসূচীৰ ভুক্ত কৰক, মিচিং জনবসতিপ্ৰধান অঞ্চলত চিকিৎসা, শিক্ষা, যাতায়তৰ দ্ৰুত উন্নয়ন সাধন কৰাৰ দাবীত বিভিন্ন শ্লোগানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে।
  • পৰৱৰ্তী সময়ত নাৰায়ণপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বনি ইনাম চাদাপৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন ১৪ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷
  • প্ৰতিবাদী কাৰ্যসূচীত টে এম পি কে, এম এম কে আৰু টি এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ হৈ দিলীপ পেগু, মমতা দলে, অযোধ্যা মৰাং আৰু বিহপুৰীয়া জিলা সমিতিৰ হৈ প্ৰবিত্ৰ কুলি, জিতেন্দ্ৰ দলে, মামণি পাঠৰী, গীতামণি দলে, সত্য কুম্বাং আৰু পূন্যভৰত লাগাচুৱে নেতৃত্ব বহন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in