নাৰায়ণপুৰৰ পথাৰত এফালে কৃষকৰ ব্যস্ততা আনফালে চৰহা পোকৰ তাণ্ডৱ

নাৰায়ণপুৰৰ পথাৰত এফালে কৃষকৰ ব্যস্ততা আনফালে চৰহা পোকৰ তাণ্ডৱ

ডিজিটেল সংবাদ,নাৰায়ণপুৰ :  এতিয়া ভুঁই ৰোৱাৰ সময়। শাওনৰ পথাৰত সীমাহীন ব্যস্ততা কৃষকৰ ৷ আজৰি নাই গাঁৱৰ জীয়াৰী-বোৱাৰীৰো ৷ কাৰণ এয়া যে ভূঁই ৰোৱাৰ সময় ৷ নাঙলেৰে বোকাদিয়া আলতীয়া মাটিত শাৰী শাৰী কৈ  ৰুইছে কঠিয়া ৷শাওনৰ পথাৰত হালোৱা-ৰোৱনীৰ এই ব্যস্ততা অসমৰ গ্ৰাম্য জীৱনৰ এখন চিৰপৰিচিত ছবি ৷ নাৰায়ণপুৰৰ গ্ৰামাঞ্চলৰ পথাৰ সমূহতো দেখা পোৱা গৈছে একেই দৃশ্য৷ শাওনৰ প্ৰখৰ ৰ'দকো নেওচি উদং পথাৰত ৰচিছে সেউজীয়া সপোন৷ মনৰ আনন্দত হাতত কঠিয়াৰ মুঠি লৈ জাত জাত বিয়া নাম গাইছে জীয়াৰী-বোৱাৰীয়ে৷ প্ৰকৃততে শাওন মাহৰ পথাৰৰ এই ব্যস্ততাৰ মাজত অন্তৰ্নিহিত হৈ থাকে গ্ৰাম্য জীৱনৰ মাদকতা ৷

 সকলোৰে আশা কেইদিন মানৰ পাছতে সেউজীয়া হৈ পৰা পথাৰখন লাহে লাহে হৈ পৰিব সোন বৰণীয়া৷ সোন গুটিয়ে ভৰি পৰিব কৃষকৰ সপোনৰ ভঁৰাল ৷ কিন্তু পৰিতাপৰ কথা যে কপালৰ ঘাম মাটিত পেলাই অতি কষ্টেৰে কৰা খেতি দৰাত ভূতৰ ওপৰত দানহ পৰা দি পৰিছে চৰহা পোক।সেউজীয়া হ'বলৈ আৰম্ভ কৰা ধাননি পথাৰ খনত এফালৰ পৰা তাণ্ডৱ চলাইছে চৰহা পোকে । তাকে লৈ এতিয়া মুৰে কপালে হাত দিছে কৃষক সকলে । আনহাতে এই দুৰ্যোগৰ সময়ত  কৃষক সকলৰ খবৰ লবলৈ আহৰি নাই মন্ত্ৰী অতুল বৰাৰ বিয়াগোম কৃষি বিভাগৰ । চৰকাৰী অভিলাষী আঁচনিয়ে স্পৰ্শ কৰিব নোৱাৰা আৰু আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ বিপৰীতে গৰুৰ হাল খনেৰেই হাল বাই খেতি কৰা এই সকল কৃষকলৈ এবাৰ চকু মেলি চাবলৈ আহ্বান জনাইছে কৃষক সকলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in