বংশীগোপাল চাহ বাগিছাৰ স্বত্বাধিকাৰৰ বিৰুদ্ধে আৱন্টিত ভূমি বে-দখলৰ অভিযোগ…

বংশীগোপাল চাহ বাগিছাৰ স্বত্বাধিকাৰৰ বিৰুদ্ধে আৱন্টিত ভূমি বে-দখলৰ অভিযোগ…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ: নাৰায়ণপুৰত ক্ষুদ্ৰ চাহ খেতিয়কক উত্তৰ লখিমপুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নিকুঞ্জ নাৰায়ণ শইকীয়া ওৰফে ননী শইকীয়াই ভাতে মৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি আজি ওলাই আহে একাংশ ক্ষুদ্ৰ চাহ খেতিয়ক । নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বিষ্ণুপুৰত সংঘটিত হৈছে এই ঘটনা । অঞ্চলটোৰ বংশীগোপাল চাহ বাগিছাৰ স্বত্বাধিকাৰ ননী শইকীয়াই গুণ্ডাগিৰীৰে দোৰপাং-বিষ্ণুপুৰ চাহ বাগিছাৰ নামত আৱন্টিত ৭৫ বিঘা ভুমি বে-দখলৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে দ্ৰোপাং বিষ্ণুপুৰ চাহ বাগান সমিতিয়ে।

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশকো বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি আৰক্ষীৰ জৰিয়তে বিষ্ণুপুৰ চাহ বাগিছা সন্থাৰ বিষয়-ববীয়া সকলক ভাবুকি প্ৰদানৰো অভিযোগ উত্থাপন কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। উল্লেখ্য যে, প্ৰায় ৩০ বছৰৰ পূৰ্বে অঞ্চলটোৰ কুৰিজনৰো অধিক দৰিদ্ৰ কৃষকে উক্ত অঞ্চলত হাবিজংঘল কাটি প্ৰায় শতাধিক বিঘা মাটি মুকলি কৰি চাহপুলি ৰোপনৰ বাবে আগবাঢ়িছিল৷

কিন্তু দূৰ্ভাগ্যবশতঃ অৰ্থৰ অভাৱত চাহপুলি ৰোপন কৰিব পৰা নাছিল কৃষক সকলে৷ সেইসময়তে উক্ত লোকসকলে দ্ৰোপাং বিষ্ণুপুৰ ক্ষুদ্ৰ চাহ বাগিছা নামৰ এখন সমিতি গঠন কৰি উক্ত মাটি আৱন্টন বিচাৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাইছিল। উক্ত আবেদনৰ ভিত্তিত ৰাজহ বিভাগে দোৰপাঙ-বিষ্ণুপুৰ ক্ষুদ্ৰ চাহ বাগিছা নামৰ সমিতি খনক আৱন্টন দিছিল ৭৫ বিঘা মাটি । পৰৱৰ্তী সময়ত একে অঞ্চলতে বংশীগোপাল চাহ বাগিছা নামেৰে চাহ বাগান আৰম্ভ কৰা ব্যৱসায়ী নিকুঞ্জ নাৰায়ণ শইকীয়াই দৰিদ্ৰ কৃষক সকলৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি গাতে লাগি থকা উক্ত ৭৫ বিঘা মাটি বেদখল কৰি চাহ পুলি ৰোপণ কৰে।

অঞ্চলটোত ভূ-মাফিয়াৰ ৰূপত অৱতীৰ্ণ হোৱা ননী শইকীয়াৰ কাৰ্যত ক্ষুন্ন হৈ পৰৱৰ্তী সময়ত দোৰপাঙ-বিষ্ণুপুৰ ক্ষুদ্ৰ চাহ বাগিছা সমিতিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাত পৰৱৰ্তী সময়ত ন্যায়ালয়ে তেওঁলোকৰ পক্ষত ৰায়দান দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৮১১/১০ আৰু ৫০৯৪/১০ নম্বৰৰ ৰায়দানৰ নিৰ্দেশত বিষয়টো নিষ্পত্তি হোৱাৰ পিছত লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা ২০২০ চনৰ ২৪ ছেপ্তেম্বৰ তাৰিখে LRS.VIII/7/2017/411 নং চিঠি অনুসৰি দিয়া নিৰ্দেশ মৰ্মে চলিত বৰ্ষৰ ১৮ আগষ্টৰ পৰা দোৰপাং-বিষ্ণুপুৰ চাহ বাগিছা সমিতিয়ে কাম-কাজ আৰম্ভ কৰিছিল ৷

তেনে সময়তে ব্যৱসায়ী নিকুঞ্জ নাৰায়ণ শইকীয়াই দোৰপাঙ-বিষ্ণুপুৰ ক্ষুদ্ৰ চাহ বাগিছা সমিতিৰ ওপৰত নাৰায়ণপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ভূ-মাফিয়াৰ ৰূপত অৱতীৰ্ণ হোৱা ব্যৱসায়ী নিকুঞ্জ নাৰায়ণ শইকীয়াৰ কাৰ্যত ক্ষুন্ন ওলাই অহা ক্ষুদ্ৰ চাহ খেতিয়ক সকলে অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ-প্ৰশাসনক ন্যায় প্ৰদানৰ দাবী জনাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in