নিৰ্বাচন আহিলেই ৰঙীন হৈ পৰে অগপ নেতাৰ চেহেৰা…

নিৰ্বাচন আহিলেই ৰঙীন হৈ পৰে অগপ নেতাৰ চেহেৰা…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: ক'ৰ পৰা আহে অসম গণ পৰিষদলৈ ধন ? নিৰ্বাচন আহিলেই ৰঙীন হৈ পৰে কিয় অগপ নেতাৰ চেহেৰা ? অগপৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ এগৰাকী প্ৰাক্তন অগপ নেতাৰ । সভাপতি অতুল বৰাৰ নিৰ্দেশত ধনৰ তোপোলা কঢ়িয়াই অনা বুলি দাবী কৰি অগপৰ প্ৰাক্তন সম্পাদক তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অচ্যুত শইকীয়াই এক প্ৰকাৰ তীব্ৰ প্ৰত্যাহ্বান জনাই আনিলে এই মহা অভিযোগ ।

উল্লেখ্য যে সোমবাৰে নাৰায়ণপুৰত অসম গণ পৰিষদ দলে আয়োজন কৰিছে বিহপুৰীয়া সমষ্টি ভিত্তিত এখন বিশাল গণ সমাবেশ । উক্ত গণ সমাবেশত অংশগ্ৰহণ কৰাৰ কথা অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা,কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত,জ্যেষ্ঠ অগপ নেতা তথা মন্ত্ৰী ফনিভূষণ চৌধুৰী প্ৰমুখ্যে কেইবাজনো জ্যেষ্ঠ অগপ নেতাই ।

তাৰ প্ৰাক মূহুৰ্তত এসময়ৰ দলটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক তথা বিগত 'কা' আন্দোলনৰ সময়ত দল ত্যাগ কৰি সেহতীয়াকৈ অসম জাতীয় পৰিষদত যোগদান কৰি সাংগঠনিক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা যুৱ নেতা অচ্যুত শইকীয়াই নাৰায়ণপুৰত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা এই অভিযোগে সুকীয়া তাৎপৰ্য বহন কৰিছে । আনহাতে বিহপুৰীয়া সমষ্টিৰ ৯০ শতাংশ অগপৰ নেতা-কৰ্মীয়ে ইতিমধ্যে অসম জাতীয় পৰিষদত যোগদান কৰা বুলিও দাবী কৰে অসম জাতীয় পৰিষদৰ নেতা গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in