আজি অন্ত্যেষ্টিক্ৰিয়া, লণ্ডনৰ পৰা আহি ঘৰ পালেহি বৃদ্ধ দম্পতিৰ বৰ জীয়ৰী…

আজি অন্ত্যেষ্টিক্ৰিয়া, লণ্ডনৰ পৰা আহি ঘৰ পালেহি বৃদ্ধ দম্পতিৰ বৰ জীয়ৰী…

ডিজিটে ডেস্কঃ আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাৰ। জি এন আৰ চিত থকা মৰ্গৰ পৰা দুয়োৰে নশ্বৰ দেহ লৈ অহা হৈছে ছাৰ্ভেত থকা বাসগৃহলৈ। ২৬ অক্টোবৰ ২০২১ত সংঘটিত হৈছিল এই হত্যাকাণ্ড। ননীগোপাল বৰুৱাৰ বাসগৃহত বিৰাজ কৰিছে শোকাকূল পৰিৱেশ।

লণ্ডনৰ পৰা পুৱাই আহি ঘৰ পালেহি ননী গোপাল বৰুৱাৰ জীয়ৰী। লণ্ডনত প্ৰতিষ্ঠিত চিকিৎসক আছিল বৰুৱাৰ জীয়ৰী। এই হত্যা কাণ্ডৰ খবৰ পোৱাৰ পাছতেই মুম্বাইত থকা আনগৰাকী জীয়ৰী সোণালী বৰুৱা আহি ঘৰ পাইছিলহি। আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে এই হত্যাকাণ্ডৰে জড়িত থকা বুলি সন্দেহ কৰা কেয়াৰ টেকাৰ আকাশ চৌধুৰীক।

ইতিমধ্যে বহু ক্লু লাভ কৰিছে আৰক্ষীয়ে। দিছপুৰ আৰক্ষীৰ উপৰিও ফৰেনঞ্চিক, ক্ৰাইম ব্ৰাঞ্চে পৃথকে পৃথকে চলাই আছে অনুসন্ধান। বৃহস্পিতবাৰৰ আবেলি নৱগ্ৰহত সম্পন্ন হ'ব ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়া । কেয়াৰ টেকাৰ আকাশ চৌধুৰীৰৰ পত্নী পুতু দাসক পাণবজাৰ মহিলা আৰক্ষী থানাত জেৰা কৰা হৈছে। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে পুতু দাসো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো নিৰ্বাচনী প্ৰচাৰ সামৰি আহি বুধবাৰৰ সন্ধিয়া খবৰ লৈছিল পৰিয়ালটোৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in