শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...

নামতিত ঐক্য সেনা অসমৰ উত্তাল প্রতিবাদঃ বিধায়ক প্রদীপ হাজৰিকাক কেবৰ ওপৰত স্থিতি স্পষ্ট কৰাৰ দাবী, VIDEO

304

ডিজিটেল সংবাদ, নামতিঃ শ্বহীদ প্রভাত চেতিয়া জন্মভূমিৰ পৰা সকীয়াই দিছো, শৰীৰত শেষ বিন্দু ৰক্ত থকা লৈকে কেবৰ বিৰোধিতা কাৰি যাম। তাৰ বাবে আমি শ্বহীদ হবলৈ সাজু আছো।” এই মন্তব্য কৰিছে ঐক্য সেনা অসমে। সংগঠনটোৰ নামতি আঞ্চলিক সমিতিয়ে দেওবাৰে সন্ধিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নামতি চাৰি আলিত প্রধানমন্ত্রী নৰেন্দ্র মোডী, মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল মূর্দাবাদ ধ্বনি দিয়াৰ লগতে মন্ত্রী অতুল বৰাৰ প্রতিমূর্তি দাহ কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে।

ঐক্য সেনা অসমৰ এই প্রতিবাদী কার্যসূচীত আছুৰ শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়া সকলৰ লগতে স্থানীয় ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হায়- হায়, সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, হিমন্ত বিশ্ব শৰ্মা গ’ বেক, বিজেপি চৰকাৰ গ’ বেক, আতুল বৰা লেই-লেই চেই চেই, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি বিভিন্ন শ্লোগান দি উত্তাল প্রতিবাদ সাব্যস্ত কৰে।

আনহাতে, ঐক্য সেনা অসমৰ নামতি আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদক ৱাকিল আলীয়ে আমগুৰি সমষ্টিৰ অগপ বিধায়ক প্রদীপ হাজৰিকাক কেবৰ ওপৰত তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে অন্যথা আছু আৰু ঐক্য সেনা অসমে স্থানীয় ৰাইজৰ সহযোগত জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি