বি ভি এফ চি এলে আবন্টন লাভ কৰিলে উৰিষ্যাৰ পাৰাদ্বীপ  বন্দৰ…

বি ভি এফ চি এলে আবন্টন লাভ কৰিলে উৰিষ্যাৰ পাৰাদ্বীপ  বন্দৰ…

ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পৰেচন লিমিটেডে   চলিত বিত্তীয় বৰ্ষত  এহেজাৰ কোটি টকাৰ ব্যৱসায় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি  ক্ৰমে  সম্প্ৰসাৰণ কৰিছে  বাণিজ্যিক ক্ষেত্ৰ আৰু অন্তৰ্ভুক্ত কৰিছে নতুন বেপাৰ প্ৰক্ৰিয়া ।  বি ভি এফ চি এলে নিজাকৈ উৎপাদিত  ইউৰীয়া  বিক্ৰী  কাৰ্যতে সীমাবদ্ধ নাথাকি  অধিক ইউৰীয়া আমদানিৰ লক্ষ্যৰে বি ভি এফ চি এলে বন্দৰ  আবণ্টনৰ  নিবিদাত অংশ গ্ৰহণ কৰি অলপতে  উৰিষ্যাৰ পাৰাদ্বীপ  বন্দৰ  অহা তিনি বছৰৰ বাবে  লাভ কৰে ।  

এই নিবিদা লাভৰ ফলত  পাৰাদ্বীপ বন্দৰত অহা তিনি বছৰত ভাৰত চৰকাৰৰ  একাউন্টত  যিমান ইউৰিয়া আমদানি হ'ব, সমূদায় বি ভি এফ চি এলৰ মুক্তা ইউৰিয়া  ব্ৰেণ্ডৰ নামত  বিক্ৰী হ'ব।   অৰ্থাৎ বি ভি এফ চি এলৰ মুক্তা ইউৰিয়াই  উত্তৰপূৰ্বাঞ্চলৰ লগতে দেশৰ পূৰ্ব ক্ষেত্ৰৰ  ভিতৰত  উৰিষ্যা, চতীশগড়  বেংগল, ঝাৰখণ্ড আৰু বিহাৰত   মুক্ত ব্ৰেণ্ডৰ বেনাৰত ব্যৱসায় সম্প্ৰসাৰণ কৰিব।  বি ভি এফ চি এলৰ চি এম ডি ডঃ শিৱ প্ৰসাদ মহান্তিয়ে   সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত এই কথা জানিবলৈ দিয়ে। 

তেওঁ কয় যে বিগত দুটা বছৰত  প্ৰায় তিনি শ(৩০০) কোটি লোকচান ভৰা  বি ভি এফ চি এলে কেৱল  এমনীয়া ,ইউৰীয়া  উৎপাদনতে সীমাবদ্ধ নাথাকি  সাৰৰ লগতে কৃষি জাত বিভিন্ন  সামগ্ৰী  ট্ৰেডিং  প্ৰক্ৰিয়াৰে  উদ্যোগটো অৰ্থনৈতিক সংকটৰ পৰা উদ্ধাৰৰ   কৰিবলৈ  এই প্ৰচেষ্টা হাতত লোৱা হৈছে।    লগতে তেওঁ কয় যে পাৰাদ্বীপৰ এই নিবিদা  বিগত কালত নেচনেল ফাৰটিলাইজাৰ কৰ্পৰেচনে লাভ কৰি  পূৰ্ব  ভাৰতৰ লগতে উত্তৰপূৰ্বাঞ্চলটো   এন এফ এলে এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।    উল্লেখযোগ্য যে বৰ্তমান বি ভি এফ চি এলৰ   ১৯৮৭ চনতে ব্যৱসায়িক উৎপাদন আৰম্ভ কৰা   তৃতীয় ইউনিটো হে উৎপাদনক্ষম হৈ আছে আৰু   ৭০/৭৫ শতাংশ  ক্ষমতাৰে  চলি আছে ।  আনহাতে  ৪৬ বছৰ অতিক্ৰম কৰা দ্বিতীয় ইউনিট টো ২০১৯ চনতে এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত  হৈ আজিকোপতি বন্ধ হৈ আছে।  তেনে প্ৰেক্ষাপটত  উৎপাদনত ব্যৱহৃত  প্ৰাকৃতিক গেছৰ  মূল্য, শ শ কৰ্মচাৰী,  উদ্যোগিক নিৰাপত্তা ৰক্ষী আদিৰ  দৰমহা  অন্যান্য আনুসংগিক  খৰছ বহন কৰি উদ্যোগটো  চলি থকাটো   প্ৰত্যাহ্বান সূচক হৈ পৰিছে। তাৰ  পৰিপেক্ষিত বি ভি এফ চি এলে   ট্ৰাডিং বিজিনেছৰ যোগেদি উদ্যোগটোলৈ স্বচ্ছলতা আনিবলৈ অহোপুৰুষাৰ্থ কৰিছে।   এই বন্দৰ আবন্টনৰ যোগেদি বি ভি এফ চি এলে চলিত বৰ্ষত  চাৰি লাখ টন ইউৰিয়া আমদানিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।  চি এম ডি গৰাকীয়ে কয় যে বি ভি এফ চি এল ৰ নিজা উৎপাদন প্ৰায় দুই লাখ মেট্ৰিক টন আৰু আমদানিকৃত চাৰি লাখ মেট্ৰিক টনক লৈ মুঠ ছয় লাখ মেট্ৰিক টন ইউৰিয়াৰ বেপাৰ কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰিছে  বি ভি এফ চি এলে।    অহা মাহৰ আৰম্ভণিতে  প্ৰায়  পঞ্চাশ হেজাৰ টন ইউৰিয়া  পাৰাদ্বীপ পাবহি বুলিও  প্ৰসংগত উল্লেখ কৰে।  ডঃ মহান্তি য়ে  কয় যে  দেশৰ অন্য সাৰ উদ্যোগৰ তুলনাত বি ভি এফ চি এলে  উৎপাদিত ইউৰিয়াৰ মূল্য   কম।    কাৰণ 
কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি   উত্তৰপূৰ্বাঞ্চলত অৱস্থিত হোৱাৰ বাবে       প্ৰাকৃতিক গেছৰ  নিৰ্ধাৰিত মূল্যৰ চল্লিশ শতাংশ  ৰেহাই মূল্যত  উৎপাদনত ব্যৱহৃত গেছ ক্ৰয় কৰে বি ভি এফ চি এলে।
   লক্ষণীয় যে ২০১০ চনৰ পৰাই বি ভি এফ চি এলে   প্ৰাকৃতিক গেছ মূল্যৰ  চল্লিশ শতাংশ  চাবচিটি  ধন  ঘুৰাই  পোৱা নাই  সংশ্লিষ্ট বিভাগৰ পৰা ।    বি ভি এফ চি এলে ঘূৰাই পাব লগীয়া চাবচিটি  ধনৰ পৰিমাণ  বৰ্তমান দুহেজাৰ কোটি  অতিক্ৰম কৰিছে বুলি চি এম ডি গৰাকীয়ে কয়। ইয়াৰ উপৰি বিভিএফচিএলৰ  অৰ্থনৈতিক উন্নয়নৰ স্বাৰ্থত সহায়ক হোৱাকৈ বৰ্তমান কৃষিখণ্ডত ব্যৱহাৰযোগ্য বিভিন্ন ধৰণৰ নতুন নতুন সামগ্ৰীৰ সংযোজন কৰা হৈছে ।  এম অ' পি,   ডি এ পি , এন পি কে,  এছ এছ পি, পানী দ্ৰৱনীয় সাৰ, এমনিয়াম ছালফেট, মাইক্ৰ নিউটেণ্ট, কৃষি ৰাসায়নিক পদাৰ্থ, মাটি বিকাশ নিয়ন্ত্ৰক, বীজ, ৰক ফচফেট, আদি আমদানি কৰি  সাৰউদ্যোগৰ ব্যৱসায়  পৰিসৰ  বৃদ্ধি কৰিছে  সাৰ কাৰখানাই। শেহতীয়াকৈ উদ্যোগটোৱে মুক্তা এন পি কে নামেৰে এক ৰাসায়নিক সাৰৰ  উৎপাদন গোট (প্লান্ট) গঢ়ি তোলা হৈছে  আৰু ছেপ্টেম্বৰ মাহৰ পৰা  এন পি কে  প্লাণ্টৰ উৎপাদন আৰম্ভ হ'ব ।  এই ব্যৱসায়ে বিভিএফচিএলৰ বাৰ্ষিক আয় পূৰ্বৰ আয়ৰ তুলনাত   ৩০ কোটি টকা অতিৰিক্ত  হ'ব  বুলি সুত্ৰত প্ৰকাশ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in