নামৰূপত বন বিভাগৰ দুৰ্নীতি, বন বিভাগ-চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা…

নামৰূপত বন বিভাগৰ দুৰ্নীতি, বন বিভাগ-চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা…

ডিজিটেল সংবাদ, নামৰূপঃ ডিব্ৰুগড় বন সংমণ্ডল  কাৰ্যালয়ৰ  অধীনস্থ  নামৰূপস্থিত খণ্ড বন কাৰ্য্যালয়ৰ অন্তৰ্গত জয়পুৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত বিগত কিছুদিনৰ পৰা গছ কাটি তহিলং কৰাৰ  অভিযোগ উত্থাপিত হোৱাৰ সমান্তৰালকৈ অবৈধভাৱে য'তে ত'তে শিল খনন কৰাৰ বাতৰি বিভিন্ন সংবাদমাধ্যমত  প্ৰচাৰ হোৱাৰ পিছতে সমগ্ৰ বিষয়েটোৰ ওপৰত সৰৱ হৈ উঠিছে ডিব্ৰুগড় জিলা ছাত্ৰসন্থা।  

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈয়ে এই সন্দৰ্ভত সাংবাদিক কয় যে বৰ্তমান  বন বিভাগটো ৰাজনৈতিক ফাণ্ডত সোমাই একেবাৰে অসহায় আৰু নিশকটীয়া হৈ পৰিল।     শেহতীয়া ভাবে জয়পুৰৰ  শুকান জুৰিলৈকে কাঠৰ অবৈধ্য বেহা, অভয়পুৰত আৰু দিল্লী ঘাটৰ দলঙৰ তলত  কয়লাৰ অবৈধ্য খনন,  নামৰূপৰ বিভিন্ন স্থানত শিলৰ অবৈধ্য খনন সকলো সংশ্লিষ্ট বিভাগৰ জ্ঞাতে  চৰকাৰৰ আশীষ পুষ্ট বিজেপি পালি নেতাৰ পৃষ্ঠপোষকতাত সং ঘটিত হৈছে বুলি এক বিস্ফোৰক মন্তব্য দিয়ে আছুৰ জিলা সম্পাদক গৰাকীয়ে ।

লগতে তেওঁ কয় শেহতীয়া ভাবে ডিব্ৰুগড় জিলা সংমণ্ডল বিষয়া , নামৰূপ খণ্ড বন বিয়াৰ লগত হোৱা  কথোপকথনৰ সাৰমৰ্ম হল বৰ্তমান  বন বিভাগে শিল বালিৰ গাড়ী এখন ৰখাবলৈ গলেও  বিজেপি নেতাৰ নামত এৰিবলৈ হেঁচা আহে।  ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক গৰাকীয়ে  কয় যে কাৰোবাৰ আশীষ পুষ্ট হলেহে  নামৰূপ খণ্ড বন কাম কৰি থাকিব পাৰিব। ডাঙৰ ৰহস্য হ'ল  ৰাজনৈতিক সমীকৰণ   মিলাই  খণ্ড বন কাৰ্য্যালয়ৰ পৰা  বিষয়া  কৰ্মচাৰী বদলি কৰি নিয়ে কিন্তু সেই খালী ঠাই পূৰ নকৰি  বিষয়া কৰ্মচাৰীৰ অভাৱৰ অজুহাত দেখুৱাই  সৰ্বত্ৰ দুৰ্নীতিৰ পোহাৰ মেলিছে বন বিভাগে। 

বন আইন মতে  নদীত কোনো ধৰণৰ মেচিন, জেচিবি, এস্কেভেটৰ চলাব নোৱাৰে ,  নদীত  যান বাহন চলোৱাও আইন বিৰোধী কিন্তু নামৰূপৰ বন বিভাগে এই সকলো নিয়মক আঙ্গুস্থ প্ৰদৰ্শন কৰি  দিল্লী নদীত  দিনে নিশাই শিল খনন কৰাৰ উপৰি  দিল্লী  নদীৰ মাজেদি এটা পথ নিৰ্মান কৰি  ৰাজহ  ফাঁকি দি চৰাইদেও জিলা আৰু ডিব্ৰুগড় জিলাৰ  শিলৰ প্লান্তলৈ  শিল সৰবৰাহ  কৰাৰ অভিযোগ  তুলিছে আছুৰ সম্পাদক গৰাকীয়ে।   

লগতে ছাত্ৰ নেতাজনে কয় নিৰ্বাচনত  প্ৰতিদ্বন্দিতা কৰিবলৈ ওলোৱা বিজেপি নেতাৰ নামলৈ এই পালিনেতা সকলে অবাধ দুৰ্নীতি কৰি গৈছে। এই সকলেই বি ভি এফ চি এলৰ জেক বেলত  শিল খনন কৰিছে,  লাল পাগুৰি ঘাট এলেকাটো  বিজেপি পালি নেতাই চেক গেট বহুৱাই কৰ সংগ্ৰহ কৰাৰ অভিযোগ কৰি  তেওঁ কয় যে  এই বিষয়ে বন বিভাগ সম্পূৰ্ণ জ্ঞাত যদিও  ৰাজনৈতিক হেঁচাত  অসহায় বন বিভাগ   

শেহতীয়া ভাবে এই সকলো অভিযোগ  বিভাগৰ সৰ্বোচ্চ মহলত  জনোৱাৰ পিছতো  কোনো ফল নধৰিলে বুলি উল্লেখ কৰি জিলাৰ সম্পাদক গৰাকীয়ে কয়  চৰকাৰে এই সন্দৰ্ভত কোনো বিহীত ব্যৱস্থা গ্ৰহণ নকৰে কাৰণ  চৰকাৰৰ বাঘা বাঘা নেতা  জড়িত হৈ আছে , নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ লোৱা নেতাৰ নাম লৈ কাম চলি আছে, প্ৰশাসনৰ ওপৰতো বিশ্বাস নাই, বন বিভাগ অসহায় সেয়ে নামৰূপক বচোৱাৰ স্বাৰ্থত নামৰূপ তিনিটাকৈ উদ্যোগ বচোৱাৰ স্বাৰ্থত, আছুৱে ৰাইজৰ সহযোগত  নিজা ববীয়াকৈ  ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিছে।  

দুৰ্নীতিৰ সীমা চেৰাই যোৱা নামৰূপৰ  খণ্ড বন কাৰ্য্যালয়ক  শীঘ্ৰেই কোনো বিহীত ব্যৱস্থা  ল'বলৈ দাবী তুলি  ছাত্ৰ নেতা গৰাকীয়ে কয়  ঠিকাদাৰ বিজেপি নেতা হৈ  ৰাজনৈতিক শক্তি দেখুৱাই  দিল্লী নদীৰ বক্ষ বিদাৰি  নামৰূপৰ সমাজ জীৱনলৈ আৰু জন গাথঁনিলৈ বিপয্যায় নমাই আনিবলৈ কেতিয়াও  দিয়া নহ'ব অন্যথা  ডিব্ৰুগড় জিলা আছুৰ উদ্যোগত  শীঘ্ৰেই  নামৰূপত এক ৰাইজমেল আহ্বান কৰাৰো হুংকাৰ  দিছে জিলাৰ সম্পাদক গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in